NORTHEAST NOW (Assamese)
অসম

স্বৰ্ণ শিল্পী উৎপল বণিয়ালৈ ২০১৯’ বৰ্ষৰ “ইণ্ডিয়ান এচিভাৰ্ছ এৱা‌ৰ্ড”ৰ সন্মান

Posted by: এন ই নাও নিউজ January 22, 2019 8:02 am
utpal bania photo

মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰাসন, স্বৰ্ণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে অসমৰ স্বৰ্ণ শিল্পী সকলৰ জীৱনলৈ একপ্ৰকাৰ অস্তিত্বৰ সংকট নমাই আনিছে। কিন্তু এই অন্ধকাৰ পৰিস্থিতিৰ মাজতো অসমীয়া গহনাৰ ক্ষেত্রত নগাঁৱৰ উৎপল বণিয়াই কঢ়িয়াই আনিছে এটাৰ পাছত আনটো সাফল্য।

উদ্যমী স্বৰ্ণ শিল্পী গৰাকীক চলিত বৰ্ষৰ ২০ জানুৱাৰিত বেংগালুৰুৰ ৰাজকীয় হোটেল ‘তাজ’ত অনুস্থিত হোৱা “ইণ্ডিয়ান এচিভাৰ্ছ এৱা‌ৰ্ড ২০১৯” অনুষ্ঠানত সন্মানিত কৰা হয়। বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাই অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত”মষ্ট প্ৰমিচিং জুয়েলাৰী ডিজাইনাৰ এণ্ড এন্টাৰপিনাৰ ইন আসাম” সন্মানেৰে সন্মানিত কৰে বণিয়াক।

utpal bania photo.jpg 1
বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাৰ সৈতে উৎপল বণিয়া।

উল্লেখ্য যে, ২০১৮ বৰ্ষত ‘ডুগডুগী’ৰ স্বত্ত্বাধিকাৰ উৎপল বণিয়ালৈ “ৱৰ্ল্ড কনফেডাৰশ্যন অৱ বিজনেছ” নামৰ আমেৰিকা টেক্সাছৰ হাউছটৰ সংগঠনটোৱে সন্মানীয় বাণিজ্য বটাঁ “দ্যা বিজ এৱাৰ্ড” আগবঢ়ায়। তদুপৰি, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ‌‌ ৰাষ্ট্ৰপতি ভেংকায়ুৰ নাইডুৰ উপস্থিতিত দিল্লীৰ বিজ্ঞান ভৱণত অনুষ্ঠিত হোৱা ‘নিউ ইণ্ডিয়া কনক্লেভ’ত ৰাজ্যিক গ্ৰাম্য উদ্যোগী সন্মানেৰ সন্মানিত হৈছিল।

উৎপলে সংবাদ মাধ্যমক জনোৱা মতে,  ৰাজ্যত আৰম্ভ হোৱা এনে এক বিপ্লৱৰ মাজতে অসমৰ চৌদিশে মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাই ভৰি পৰিছে। তদুপৰি, অসমীয়া গহনাক ডুপ্লিকেট কেঁচা সোণ নাম দি দুষ্ট চক্ৰ ব্যৱসায়ীয়ে  বিভিন্ন বিপনী খোলাৰ উপৰিও ছচিয়েল মিডিয়াত চেইন চিষ্টেম ৱ্যবসায় আৰম্ভ কৰিছে।

এইবোৰ কাৰণতে অসমীয়া গহনা প্ৰস্তুত কৰা নগাঁওৰ ৰণথলি, বৰপেটা, যোৰহাটৰ থলুৱা ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হোৱাৰ লগতে অস্তিত্বৰ সংকটত ভুগিছে বুলিও উৎপল বণিয়াই গুৰুত্বপূৰ্ণ মন্তৱ্য কৰে।