NORTHEAST NOW (Assamese)
অসম

দীৰ্ঘিদিন ধৰি অসুস্থ হৈ থকা এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী বক্সাৰ ডিংকো সিঙৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2021 9:38 am
Dinko singh

১৯৮৮ত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত স্বৰ্ণপদক লাভ কৰা মনিপুৰৰ বক্সাৰ নাংগম ডিংকো সিঙৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে।

ডিংকো সিং ২০১৭চনত যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছৰে পৰা বিগত কেইবাবছৰো ধৰি অসুস্থ হৈ আছিল।

যোৱা বছৰ তেওঁ কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত অসুস্থ বক্সাৰগৰাকী অধিক দুৰ্বল হৈ পৰিছিল। তথাপি ৪১বছৰীয়া খেলুৱৈগৰাকীয়ে কৰ’নাক জয় কৰিবলৈ সক্ষম হৈছিল।

ডিংকো সিঙে ২০২০ৰ জানুৱাৰীত ইম্ফললৈ উভতি যোৱাৰ পূৰ্বে দিল্লীৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বিলিয়াৰি ছায়েন্সত ৰেডিয়েশ্বন থেৰাপি চিকিৎসা গ্ৰহণ কৰিছিল। কিন্তু সেই বছৰৰে এপ্ৰিল মাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ একেইখন হাস্পাতললৈ বিমানেৰে আনি ভৰ্তি কৰোৱা হৈছিল। তেওঁ জণ্ডিছতো আক্ৰান্ত হৈছিল।

১৯৯৮চনত তেওঁ অৰ্জুন বঁটা লাভ কৰাৰ লগতে ২০১৩চনত পদ্মশ্ৰী সন্মানেৰেসন্মানিত হৈছিল।

ডিংকো সিঙৰ অকাল মৃত্যুত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে গভীৰ শোক প্ৰকাশ কৰি খেলুৱৈগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।