NORTHEAST NOW (Assamese)
অসম

ক’লৈ গ’ল ঋতু! অসম আৰক্ষীত কৰ্মৰত নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধান বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ উদ্বিগ্ন পিতৃৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 14, 2021 4:01 pm
kk

যোৱা ৪ জুন তাৰিখে হামৰেং জিলাৰ কাৰ্বি-লাংপি জল বিদ্যুৎ প্ৰকল্পত নিয়োজিত ১৬ নং অসম পুলিচ বেটেলিয়ানৰ জোৱান টীয়কৰ ঋতু বৰা কৰ্তব্যত অৱস্থাৰে পৰা নিৰুদ্দেশ হৈ আছে।

পিতৃ ফণী বৰাই পুত্ৰৰ সন্ধানত কৰ্মস্থলীলৈ গৈ উচ্চ পদস্থ বিষয়া তথা আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত কোনো সন্ধান নোলোৱাত জোৱান জনৰ টীয়ক মেলেং লহকৰ গাঁৱৰ পৰিয়াল চিন্তিত হৈ পৰিছে ।

এই সংকটৰ সময়ত পৰিয়ালটিৰ কাষত আজি টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু পিতৃয়ে বিধায়িকাগৰাকীৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পুত্ৰক বিচাৰি এক পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে।

লগতে বিধায়িকাগৰাকীয়েও নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি অতি সোনকালে এক সদুত্তৰ উলিয়াব বুলি আশ্বাস প্ৰদান কৰে পৰিয়ালটিক।