NORTHEAST NOW (Assamese)
অসম

কইনাধৰালৈ বাসভৱন স্থানান্তৰিত কৰিব অসমৰ ৰাজ্যপালে, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2021 3:38 pm
koinadhora

কইনাধৰা। সৌসিদিনালৈ অসমৰ সংবাদমাধ্যমতে সততে উচ্চাৰিত এটা নাম। কাৰণ এই কইনাধৰা পাহাৰতে অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈয়ে তেওঁৰ তিনিটা কাৰ্যকালৰ ১৫ টা বছৰ অতিবাহিত কৰিছিল।

তৰণ গগৈৰ অৱৰ্তমানত কইনাধৰা পাহাৰৰ চৰকাৰী বাসভৱন এনেয়ে খালি হৈ পৰি ৰৈছে।

কিন্তু সেই ঘৰ আৰু খালি হৈ নাথাকে। কিয়নো অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শীঘ্ৰে প্ৰৱেশ কৰিব কইনাধৰাৰ সেই চৰকাৰী আৱাসত।

ৰাজ্যপাল মুখীৰ আগমণৰ আগে আগে সেয়ে যুদ্ধকালীন তৎপৰতাৰে সজাই-পৰাই তোলা হৈছে কইনাধৰাৰ চৰকাৰী আৱাস। দৃষ্টি নন্দন চিত্ৰকল্পৰে সজাই তোলা হৈছে কইনাধৰা পাহাৰৰ চৰকাৰী আবাসগৃহৰ দেৱাল।

সজাই তোলা হৈছে ফুলনি আদিও।চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ১৫ জুন অৰ্থাৎ কাইলৈৰ ভিতৰতে ৰাজ্যপালৰ বাবে সাজু হৈ উঠিব লাগিব কইনাধৰাৰ চৰকাৰী আৱাস।

সেয়ে এতিয়া আৱাসৰ মেৰামতি আৰু পুনৰ সজ্জাৰ সৈতে জড়িতসকলৰ গাত তৎ নোহোৱা হৈ পৰিছে।

কিন্তু কি কাৰণে বাৰু ৰাজ্যপাল মুখীয়ে খাৰঘূলিত থকা ৰাজভৱন ত্যাগ কৰি কইনাধৰাৰ চৰকাৰী আৱাসলৈ আহিবলৈ ওলাইছে?

দৰাচলতে ৰাজভৱনৰ মেৰামতিৰ প্ৰয়োজন হোৱাৰ বাবেই ৰাজ্যপাল মুখীয়ে কেইমাহ মানৰ বাবে সাময়িক ভাবে কইনাধৰা পাহাৰত থকা চৰকাৰী আৱাসলৈ আহিব।