NORTHEAST NOW (Assamese)
অসম

ক’ভিড আতংকৰ মাজতে গ্ৰাম্য অৰ্থনীতিলৈ কিছু আশাৰ বতৰা কঢ়িয়াইছে টীয়কৰ অমৰজ্যোতিয়ে

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 15, 2021 3:57 pm
Teok man selfemployeed with fish cultivation

দেশত ভয়াবহ কৰ’নাই  দিশহাৰা কৰিছে সকলোকে। ৰাজ্যত গণসংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে আনিছে নতুন নতুন নীতি-নিৰ্দেশনা। ৰাজ্যত বৰ্তমান আংশিক লকডাউন, যাৰ ফলত ব্যৱসায় বানিজ্য, কৃষি কৰ্মত বাৰুকৈ প্ৰভাৱ পৰিছে ৷ দেশৰ গ্ৰাম্য অৰ্থনীতি ভাঙি থানবান হৈছে।

তেনে সময়তে টীয়কৰ বামুণপুখুৰীৰ অমৰজ্যোতি পাচনী নামৰ এজন ব্যক্তিৰ এক ইতিবাচক শ্ৰম আৰু প্ৰচেষ্টাই আশা কঢ়িয়াইছে গ্ৰাম্য অৰ্থনীতিলৈ ৷

মূলত: মাছৰ পোনাৰ ব্যৱসায়ৰ লগত জড়িত অমৰজ্যোতিয়ে বিগত ১৭ টা বছৰে নিজা বাৰীত প্ৰায় ৫ বিঘা মাটিত পুখুৰী কৰি এই ব্যৱসায়ৰ জড়িয়তে প্ৰায় ৮০ টাকৈ পৰিয়ালক  সংস্থাপিত কৰিছে ৷

লকডাউনৰ বাবে মানুহ গৃহবন্দী, বাকী ব্যৱসায়সমূহো মণ্ডা অৱস্থালৈ গতি কৰিছে, কিন্তু বিশেষকৈ গ্ৰাম্যঞ্চলত মানুহৰ এতিয়া মাছ প্ৰতিপালনৰ প্ৰতি আগ্ৰহ বাঢ়িছে, বহু লোকে ব্যৱসায়িক ভিত্তিত নিজৰ বাৰীৰে পুখুৰীত মাছ প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰিছে ৷

যাৰ বাবেই এই লকডাউনৰ সময়টো অমৰজ্যোতি পাচনীৰ ব্যৱসায়ত অন্য সময়তকৈ বেছি ভাল উপাৰ্জন হৈছে বুলি তেওঁ মত পোষণ কৰিছে ৷

বিশেষকৈ উজনি অসমত মাছৰ পোনাৰ ব্যৱসায়ত থলুৱা লোক সকলে মনোনিবেশ কৰা দেখা নায়ায় ৷ কিন্তু সেই সময়তে  টীয়কৰ নিচিনা ঠাইত ১৭ বছৰৰ আগৰ পৰাই এই মাছৰ পোনাৰ ব্যৱসায় কৰি নিজৰ লগতে বহুসংখ্যক পৰিয়াল  সংস্থপিত কৰাটো অতি যোগাত্মক দিশ।

অৱশ্যে আজি পৰ্যন্ত এই সফল ব্যৱসায়ীজনে চৰকাৰী কোনো সা-সুবিধা লাভ কৰা নাই। সেয়ে নতুন চৰকাৰখনে এনেদৰে খাটি খোৱা জনক কিছু সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজে আহ্বান জনাইছে।