NORTHEAST NOW (Assamese)
অসম

CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা: ৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল নিৰ্ধাৰণৰ পৰামৰ্শ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2021 4:35 pm
cbse-750x375

ক’ৰ’নাতংকৰ বাবে বাতিল হোৱা CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৩০:৩০:৪০ সূত্ৰৰ আধাৰত নিৰ্ণিত হ’ব পাৰে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ দশম আৰু , একাদশ শ্ৰেণীৰ ফলাফলৰ লগতে প্ৰি-বোৰ্ড টেষ্টৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বহু বিদ্যালয়ৰ অধ্যক্ষসকলে।

CBSE- এ ইতিমধ্য এখন ১৩ জনীয়া সমিতি গঠন কৰি দিছে। এই সমিতিয়ে ৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণাৰ পৰামৰ্শত অনুমোদন জনালে সেই অনুসৰিয়েই ফলাফল ঘোষণা কৰা হ’ব। কিন্তু কি এই ৩০:৩০:৪০ সূত্ৰ?

৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণা কৰিবলৈ দ্বাদশ শ্ৰেণীৰ পৰাক্ষাৰ্থীৰ দশম শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ,একাদশ শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ আৰু প্ৰি-বোৰ্ড পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ৪০ শতাংশ গুৰুত্ব আৰোপ কৰা হ’ব।

১৭ জুনত সমিতিয়ে উচ্চতম ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিব।উল্লেখ্য বিগত মাহত পৰীক্ষাৰ্থীৰ একাংশ অভিভাৱকে CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাবাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন কৰিছিল।

দেশত অব্যাহত থকা ক’ৰ’নাৰ সংহাৰৰ বাবেই অৱশেষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ভিত্তিত ফলাফল প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছিল।

ইয়াৰোপৰি যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব বিচাৰে তেওঁলোকে পৰিস্থিতি উন্নত হ’লে পৰীক্ষাত বহিব পাৰিব বুলিও কোৱা হৈছিল।

চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে এখন বিশেষ সমিতি গঠন কৰিব বুলিও প্ৰকাশ কৰিছিল আৰু সেইমৰ্মে ১৩ জনীয়া সমিতি গঠনো কৰিছে।