NORTHEAST NOW (Assamese)
অসম

কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে! সাংগঠনিক তৎপৰতা বৃদ্ধিত গুৰুত্ব আঞ্চলিক দলটোৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2021 8:56 am
WhatsApp Image 2021-06-16 at 7.38.50 PM

অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ এখনি গুৰুত্বপূৰ্ণ  বৈঠক অসম বিধান সভাৰ অগপ দলৰ বিধায়িনী সভাকক্ষত বুধবাৰে অনুষ্ঠিত হয়।

দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকে দলৰ সাংগঠনিক বিষয়ৰ ওপৰত আলোচনা কৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে।

স্থানীয় নিৰ্বাচন সম্পৰ্কত আলোচনা কৰাৰ লগতে দলৰ সাংগঠনিক স্তৰসমূহত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ দলীয় বিষয়ববীয়া সকলৰ মাজত দায়িত্ব ন্যস্ত কৰাৰ উদ্দেশ্যে দলৰ সভাপতিক বৈঠকে কৰ্তৃত্ব প্ৰদান কৰে।

বৈঠকে ৰাজ্য চৰকাৰখনৰ শেহতীয়া জনকল্যাণমূলক পদক্ষেপ সমূহক আদৰণি জনায় আৰু সকলো দলীয় সদস্যকে অধিক সক্ৰিয়তাৰে দলীয় কাম-কাজত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

বৈঠকত দলৰ কাৰ্য্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে উপ-সভাপতি, সাধাৰণ সম্পাদকসকল আৰু অন্য বিষয়ববীয়াসকল উপস্থিত থাকে।