NORTHEAST NOW (Assamese)
অসম

কাৰ্যালয় চৌহদত জুৱা : ধুবুৰীৰ পাঁচগৰাকী কৃষি বিষয়া-কৰ্মচাৰীক নিলম্বন

Posted by: এন ই নাও নিউজ September 15, 2018 9:56 am
suspended-medication-errors

কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে এক তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই শুকুৰবাৰে ধুবুৰীৰ জিলা কৃষি বিভাগৰ পাঁচগৰাকী বিষয়া-কৰ্মচাৰীক নিলম্বন কৰে। আনহাতে জিলা কৃষি বিষয়াক এই সংক্ৰান্তত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।

উল্লেখ্য যোৱা ১০ ছেপ্তেম্বৰত কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ দিনা কাৰ্যালয় চলি থকা সময়ত বিভাগটোৰ পাঁচগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাম কৰাৰ বিপৰীতে কাৰ্যালয় চৌহদতে থকা চৰকাৰী আৱাসত জুৱাৰ আড্ডাত ব্যস্ত হৈ আছিল।

গোপনীয়ভাৱে এই খবৰ লাভ কৰাত জিলাখনৰ কিছু সাংবাদিক কাৰ্যালয়ৰ আৱাসগৃহত উপস্থিত হোৱাত কৰ্মচাৰী কেইজন পলাই পত্ৰং দিয়ে। সাংবাদিকে কাৰ্যালয়টোৰ বৰবাবু আব্দুল ৰহমান, এছ এ ডি অ’ সোমেশ্বৰ প্ৰসাদ ভাৰমা, এ ডি অ’ পংকজ দাস, কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰিদৰ্শক গোপী মোহন গয়াৰীৰ লগতে এ ই এ সুৰেন প্ৰসাদক জুৱা খেলি থকা অৱস্থাত ধৰা পেলায়।

জিলা কৃষি বিষয়া নিখিল চন্দ্ৰ বৰ্মনৰ উপস্থিতিত কেনেদৰে কাৰ্যালয় চৌহদতে জুৱাৰ আড্ডা সংঘটিত হ’বলৈ পালে তাকে লৈ সাংবাদিকে প্ৰশ্ন কৰাত কৃষি বিষয়াগৰাকীয়ে অজ্ঞাত প্ৰদৰ্শন কৰাৰ লগতে ঘটনাটো দুখজনক বুলি প্ৰকাশ কৰে।

ইফালে জুৱাৰ আড্ডা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে কৃষি বিভাগৰ সঞ্চালকে তাৎক্ষণিকভাৱে জিলা উপায়ুক্তক তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। নিৰ্দেশ অনুযায়ী ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে দণ্ডাধীশ এছ চেত্ৰীক উক্ত ঘটনা সন্দৰ্ভত তদন্তৰ দায়িত্ব দিয়ে।

তদন্তৰ অন্তত দণ্ডাধীশ এছ চেত্ৰীয়ে জিলা উপায়ুক্তক তদন্তৰ প্ৰতিবেদন প্ৰদান কৰে। ইপিনে উপায়ুক্তই কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়লৈ তদন্তৰ প্ৰতিবেদন প্ৰেৰণ কৰাত কালি সঞ্চালকৰ কাৰ্যালয়ৰ পৰা বিষয়া-কৰ্মচাৰী কেইজনৰ নিলম্বনৰ নিৰ্দেশ প্ৰেৰণ কৰে।