NORTHEAST NOW (Assamese)
অসম

তদন্তত সহযোগিতা কৰিবলৈ সন্মত আদানি; আদালতৰ নিৰ্দেশত গ্ৰহণ কৰিব আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চমন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2026 12:42 pm

অৱশেষত আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে উদ্যোগপতি গৌতম আদানি আৰু তেওঁৰ ভতিজাক সাগৰ আদানিয়ে। এই চমন প্ৰেৰণ কৰিছে আমেৰিকাৰ ছিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিছন (SEC) য়ে। তাত আদানি গোষ্ঠীৰ বিৰুদ্ধে বিপুল উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে যোৱা বছৰ আহমেদাবাদ আদালতক আদানি গ্ৰুপক চমন তুলি দিয়াৰ নিৰ্দেশ দিছিল। সংবাদ সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপে চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে।

এছ ই চি আৰু নিউয়ৰ্কৰ ন্যায় বিভাগে একেলগে আদানি গ্ৰুপৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। গৌতম আৰু তেওঁৰ ভতিজাক সাগৰৰ বিৰুদ্ধে আদানি গ্ৰীণছ লিমিটেডৰ পদ ব্যৱহাৰ কৰি ভাৰত চৰকাৰৰ বিষয়াক গোপনে উৎকোচ দি বজাৰৰ তুলনাত অধিক হাৰত বিদ্যুতৰ চুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পৰা আদানি গ্ৰীণ আৰু এজুৰ পাৱাৰ নামৰ সৌৰশক্তি কোম্পানী এটাই লাভৱান হৈছে। বিষয়টো এছ ই চিৰ ৱেবছাইটত পঞ্জীয়ন কৰা হৈছে।

২০২৪ চনৰ নৱেম্বৰ মাহত নিউয়ৰ্কৰ ব্ৰুকলিন জিলা আদালতত আদানি গ্ৰুপৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এই গোচৰটো আমেৰিকাত কিয় দাখিল কৰা হৈছে? কাৰণ আদানি গ্ৰীনে আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা প্ৰায় ১৭৫ মিলিয়ন ডলাৰ সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে। নিউয়ৰ্ক ষ্টক এক্সচেঞ্জতো বিক্ৰী হৈছিল এজুৰ পাৱাৰৰ শ্বেয়াৰ। এজুৰৰ পৰিচালক চাইৰিল কেবানেছৰ বিৰুদ্ধেও এছ ই চিয়ে অভিযোগ উত্থাপন কৰিছে।

ভাৰতলৈ চমন প্ৰেৰণৰ বাবে হেগ কনভেনচনৰ সহায় লৈছে এছ ই চিয়ে। আইনী সহযোগিতাৰ এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতো অন্যতম অংশীদাৰ। সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে অন্য অংশীদাৰ দেশৰ পৰা আইনী প্ৰক্ৰিয়াত সহায়ৰ অনুৰোধ মানিবলৈ কাৰ্যতঃ বাধ্য। সেয়েহে আইন মন্ত্ৰালয়ে আহমেদাবাদ আদালতক অনুৰোধ কৰিবলগীয়া হৈছিল যে  এছ ই চিৰ পৰা অহা মুঠ ২৬৫ মিলিয়ন ডলাৰৰ উৎকোচ আৰু নিৰাপত্তা জালিয়াতিৰ গোচৰটোৰ চমন আদানিৰ স্থানীয় ঠিকনাত পঠিয়াব লাগে।

সূত্ৰ অনুসৰি, গৌতম আৰু সাগৰে প্ৰথম অৱস্থাত হোহকা-পিছলা কৰিলেও অৱশেষত চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে। বাতৰি অনুসৰি, আদানিৰ আমেৰিকাৰ অধিবক্তাই এই চমন গ্ৰহণ কৰিব। ফলত আদালতে অভিযুক্ত দুজনৰ বিৰুদ্ধে অধিক আইনী কাৰ্য্যবিধি আৰম্ভ কৰিব।

ন্যায়াধীশৰ অনুমোদন সাপেক্ষে আদানি গ্ৰুপে ৯০ দিনৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ খাৰিজ কৰিবলৈ বা আত্মপক্ষ সমৰ্থনত নথি দাখিল কৰিবলৈ আবেদন দাখিল কৰিব পাৰে। ইয়াৰ পিছত আৰু ৬০ দিনৰ ভিতৰত এছ ই চিয়ে আদালতত নিজৰ ভাষ্য আৰু প্ৰমাণ দাখিল কৰিব। এছ ই চিয়ে উত্থাপন কৰা চূড়ান্ত অভিযোগৰ উত্তৰ দিবলৈ গৌতম আৰু সাগৰক আৰু ৪৫ দিনৰ সময় দিয়া হ’ব।