NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ জাপৰিপথাৰত চাঞ্চল্য: বনকৰ্মীৰ গুলীত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 18, 2021 3:03 pm
dog

বোকাখাত মহকুমাৰ জাপৰি পথাৰত আজি পুৱা এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰ গাওঁৰ বাসিন্দাই আজি পুৱা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷

স্থানীয় লোকৰ মতে কাজিৰঙাৰ পৰা ওলাই অহা এই বাঘটোৱে বিগত দুটা দিন ধৰি অঞ্চলটোত বিচৰণ কৰি ফুৰিছিল ৷

বৃহস্পতিবাৰৰ দিনা বাঘটোৱে জাপৰিপথাৰৰ দিলীপ বৰা নামৰ লোকজনৰ বাৰীত এজনী গৰু হত্যা কৰে আৰু মৃত গৰুজনী কিছুদূৰলৈকে চোঁচৰাই নিয়ে ৷ গাওঁবাসীয়ে চিঞৰ বাখৰ কৰাত গৰু এৰি আঁতৰি যায় বাঘটো ৷

গাওঁবাসীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বনকৰ্মী সকলে বাঘলৈ লক্ষ্য কৰি গুলীও ফুটাবলগীয়া হয় ৷ বনকৰ্মীয়ে মৰা এনে গুলীয়ে আহত কৰে বাঘটোক আৰু ঘটনাস্থলীৰ নাতিদূৰতে বাঘটোৱে মৃত্যুক সাৱটি লয় ৷

আজি পুৱা বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে ঘটনাস্থলীত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈকে প্ৰমুখ্যে কৰি উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত ঘটনাৰ তদন্তৰ লগতে মৰণোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰে ৷

মৰণোত্তৰ পৰীক্ষাৰ বাবে বাঘটোৰ মৃতদেহ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ সমীপৰ মদাৰজুৰি বন শিৱিৰলৈ অনা হয় আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷

মৰণোত্তৰ পৰীক্ষাত বাঘটোৰ শৰীৰত গুলীৰ আঘাতৰ চিন পোৱা হয় আৰু বাঘটোৰ গুলীৰ আঘাততেই মৃত্যু হোৱা বুলি পশু চিকিৎসকে জনায় ৷

বনকৰ্মীৰ গুলীত কেনেকৈ ঢেকীয়াপতীয়া বাঘটো মৰিবলৈ পালে সেই সম্পৰ্কত তদন্তও আৰম্ভ কৰিছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷