NORTHEAST NOW (Assamese)
অসম

ভৰালে তেল, গাড়ীৰ টেংকীত ওলাল লিটাৰে লিটাৰে পানী; ৰাস্তাতে বিকল বহু গাড়ী

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা June 19, 2021 11:38 am
water in petrol pump oil final

আজ্ঞাথুৰী গণেশ মন্দিৰৰ সমীপৰ আমিনগাঁও লাচিতপুৰৰ HP “মেছাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ” নামৰ পেট্ৰ’ল পাম্পৰ ভয়ংকৰ কাণ্ড।

পেট্ৰলৰ নামত গ্ৰহকক দিলে পানী। এই পেট্ৰ’ল পাম্পত তেল ভৰাই বিকল হৈ পৰিছে বহু গাড়ী। আলাই আথানি নোহোৱা হ’ল হস্পিতালৰ পৰা ডিচাৰ্জ হৈ অহা ৰোগীৰো।

আনহাতে, গাড়ীৰ গেৰেজত শাৰী শাৰী বিকল গাড়ীয়ে ভিৰ কৰিছে।

শুকুৰবাৰৰ নিশাৰ ঘটনা এয়া। আমিনগাঁও লাচিতপুৰ-আজ্ঞাথুৰী গণেশ মন্দিৰৰ সমীপত থকা এই “মেছাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ” নামৰ তেল ডিপুত তেল ভৰোৱাৰ পাছতে আধাবাটতে বিকল হৈ পৰে গাড়ীসমূহ।

আচলতে পেট্ৰলৰ নামত এই পেট্ৰল ডেপুটোৱে গ্ৰাহকক দিলে গেলা পানীহে।

হস্পিতালৰ পৰা ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত ঘৰলৈ ওভতা লোকক লৈ ৬কিঃমিঃ পৰ্যন্ত গাড়ী ঠেলিব লগা হ’ল।

এখন দুখন নহয় প্ৰায় ১০ খনৰো অধিক গাড়ী এইদৰে হৈ পৰিল বিকল। নিশা বহু গাড়ী এনেদৰে আৱদ্ধ হৈ পৰিল ৰাজপথত। সান্ধ্য আইনৰ মাজতে জৰুৰীকালীন সেৱাত নিয়োজিত বহু লোকৰ ইপিনে হাহাকাৰ অৱস্থা।

পাছত দেখা গৈছে যে গাড়ীৰ টেংকীৰ পৰা লিটাৰে লিটাৰে গেলা পানী ওলাইছে। পেট্ৰ’ল পাম্পৰ টোগলকী কাণ্ডত এইদৰে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হয় সাধাৰণ গ্ৰাহকৰ।

এনে পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ভুক্তভোগী গ্ৰাহকসকলে।