NORTHEAST NOW (Assamese)
অসম

চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত আজিৰ পৰা মাহজোৰা পালনাম

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 18, 2020 12:41 pm

আজি পবিত্ৰ ভাদমাহৰ প্ৰথম দিন, সমগ্ৰ ৰাজ্য আজিৰ পৰা এটা মাহৰ বাবে জীপাল হৈ থাকিব হৰিনামৰ ধ্বনিৰে।

যোৰহাট জিলাৰ পূব প্ৰান্তৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিস্থিত ঢেকীয়াখোৱা বৰনামঘৰতো আজিৰে পৰা আৰম্ভ হৈছে মাহেকজোৰা চাৰিপ্ৰসংগীয়া নাম l

কিন্তু এইবাৰ আগতকৈ উৎসাহ কিছু কম পৰিলক্ষিত হৈছে। মহামাৰী ক’ৰোনাৰ আতংকৰ  মাজতে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাই যেন উচাহ কমাইছে ভক্তৰ৷

কালি জিলা প্ৰশাসনৰ সৈতে নামঘৰ পৰিচালনা সমিতিৰ এক বৈঠকৰ জড়িয়তে সেৱকীসকলৰ সুবিধাৰ অৰ্থে কেতবোৰ নীতি নিৰ্দেশনা ধাৰ্য কৰিছে।

ইয়াৰ ভিতৰত সামাজিক দূৰত্ব মানি নামঘৰত প্ৰৱেশ কৰিব লাগিব ভক্তই, আগৰ দৰে ভক্তই আগবঢ়াৱ নোৱাৰিব শৰাই, নৈবদ্য, নামঘৰত প্ৰৱেশৰ আগত হাত চেনিটাইজ কৰিব লাগিব আৰু নাঘঘৰ প্ৰাংগণত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে।

লগতে এই নিয়মাৱলীৰ অৱলম্বনৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু নামঘৰ পৰিচালনা সমিতিয়ে নজৰ ৰাখিব বুলিও অৱগত কৰিছে।