NORTHEAST NOW (Assamese)
অসম

গোৱাৰ ৰাজ্যপাল সত্য পাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 12:17 pm
Satyal-Pal-Malik-715x375

গোৱাৰ ৰাজ্যপাল সত্য পাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সি কোশিয়াৰিক গোৱাৰ অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে।

যোৱা ২০১৯ৰ অক্টোবৰত সত্য পাল মালিকক গোৱাৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছিল।

ইয়াৰ পূৰ্বে তেওঁ পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াইছিল।

WhatsApp-Image-2020-08-18-at-11.35.50-AM-scaled

২০১৯ৰ আগষ্টত বিশেষ মৰ্যাদা কৰ্তন কৰা আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ সময়ত মালিক জম্মু আৰু কাশ্মীৰৰ দায়িত্বত আছিল।

 

১৯৬৫চনত ৰাজনৈতিক জীৱনৰ পাতনি মেলা মালিকে ১৯৮০চনত লোক দলৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ পাছত তেওঁ ১৯৮৬চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

২০০৫চনত মালিকে ভাৰতীয় জনতা পৰ্টিত যোগদান কৰে আৰু লোকসভালৈ নিৰ্বাচিত হয়।