NORTHEAST NOW (Assamese)
অসম

এইবাৰ ওলাইছে নকল জেইলাৰ; জামিন দিয়াৰ নামত লুটিলে সাধাৰণ গাঁৱলীয়া ৰাইজক, ক’ত?

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব June 20, 2021 7:52 pm
Fake jailor

এইবাৰ ডিমা হাছাও জিলাত নকল জেইলাৰৰ দপদপনি। নিজকে হাফলং কাৰাগাৰৰ জেইলাৰ বুলি পৰিচয় দি আদালতৰ পৰা জামিন দিয়াৰ নামত নকল জেইলাৰে লুটিলে সাধাৰণ গাঁৱলীয়া ৰাইজক।

এই ঘটনা ডিমা হাছাও জিলাৰ মাইবাং আৰক্ষী থানাৰ অন্তৰ্গত দিজাম্ব্ৰা গাঁওৰ। জেইলত থকা পুতেকৰ বেইলৰ বাবে পিতৃৰ পৰা নকল জেইলাৰে লুটিলে নগদ ৮০০০ টকা।

কিন্তু অৱশেষত আজি এই নকল জেইলাৰ আৰক্ষীৰ জালত পৰে।

তথ্য অনুসৰি হোজাই জিলাৰ লংকাৰ গাড়ি চালক বাপন দে ৪২০ গোচৰত বহুদিন হাফলং জেইলৰ আলহী আছিল।

যোৱা প্ৰায় এক দেৰ মাহ আগত ক’ভিড পৰিস্থিতিৰ কাৰণে পিআৰ বণ্ডত বাপনক হাফলং জিলা আদালতে মুক্তি দিয়ে।

কিন্তু মুক্তি লাভৰ পাছত এইবাৰ বাপনে নিজকে জেইলাৰ বুলি পৰিচয় দি জেইলত থকা আন আন কয়েদীৰ পৰিয়ালৰ লগত ফোনত যোগাযোগ কৰি জামিন কৰাই দিয়াৰ নামত ধন দাবী কৰে।

কিন্তু ইমান দিন বাপন দে পলাই ফুৰিলেও এইবাৰ নতুনকৈ আৰক্ষীৰ জালত পৰে বাপন দে। আজি হাৰাঙ্গাজাওৰ পৰা বাপনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আনহাতে, নকল জেইলাৰ বাপনে কয় যে সি জেইলাৰ বুলি পৰিচয় দিয়া নাই। কিন্তু জামিন কৰাই দিয়াৰ নামত আঠ হেজাৰ টকা লোৱাটো হয়।