NORTHEAST NOW (Assamese)
অসম

বজাৰে বজাৰে ঘূৰিছে যোগানমন্ত্ৰী ৰঞ্জিত দাসে, মূল্যবৃদ্ধিৰ ভূ ল’বলৈ নহয়,তেন্তে কিয়?

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা October 20, 2021 12:11 pm

৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিত বিজেপি ইউপিপিএল আৰু অগপ মিত্ৰ দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ আজি বজাৰে বজাৰে তামুলপুৰত প্ৰচাৰ চলায় অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি পুৱাই তামুলপুৰ সমষ্টিৰ ৰামেচুবুৰী সাপ্তাহিক বজাৰত ক্ৰেতা-বিক্রেতাৰ সতে মত বিনিময় কৰে আৰু তামুলপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান।

স্থানীয় একাংশ লোকে সমস্যাৰে জৰ্জৰিত বজাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী গৰাকীক অনুৰোধ জনোৱাত জলেন দৈমাৰী বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই বজাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে যথোচিত ব্যৱস্থা লব বুলি মন্ত্ৰী দাসে আশ্বাস দিয়ে।

ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে গান্ধীবাৰী সাপ্তাহিক বজাৰলৈ গৈ মিত্ৰ দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।
উপ নিৰ্বাচনত তামুলপুৰৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক ভোট দিবলৈ আহ্বান মন্ত্ৰী দাসৰ।

সাংবাদিকৰ সতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী দাসে কলে- নিৰ্বাচনী ফলাফল ভাল হব। আমি ১ লাখত কৈ অধিক ভোট পাম। আমাৰ মিত্ৰদল সকলো জনতাৰ হৃদয়ত আছে।

উপ নিৰ্বাচন অনুষ্ঠিত হবলগা পাঁচটা বিধান সভা সমষ্টিতে ৰাইজে আমাৰ প্ৰাৰ্থীক ভোট দিব।

বজাৰ খনৰ আন্তঃগাথনি মজবুত কৰাৰ বাবে বাবেও ব্যৱস্থা লব বিজেপি চৰকাৰে।