NORTHEAST NOW (Assamese)
অসম

স্বচ্ছ ভাৰতৰ অধীনৰ শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

Posted by: ৰিদিপ শর্মা January 29, 2019 12:28 pm
IMG-20190127-WA0015

কলিয়াবৰত স্বচ্ছ ভাৰতৰ অধীনত চৰকাৰে প্ৰদান কৰা শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে।  অতি নিম্নমানৰ সামগ্ৰীৰে শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে চৰকাৰী শৌচাগাৰৰ বেৰ দুদিনতে খহি পৰা দেখা গৈছে।

জানিব পৰা মতে, কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ অধীনৰ গাৰিকুৰি গাঁৱত ১৬ টা পৰিয়ালে চৰকাৰে প্ৰদান কৰা এই শৌচাগাৰ লাভ কৰিছে। কিন্তু ঠিকাদাৰে নিৰ্মাণ কৰা শৌচাগাৰৰ টেংকিৰ গভীৰতা ক’ৰবাত এফুট, আন ক’ৰবাত ডেৰ ফুট। ঠিকাদাৰ দিলীপ হাজৰিকাই নিম্নমানৰ ইটা-বালি-চিমেণ্ট ব্যৱহাৰ কৰি শৌচাগাৰসমূহ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।

আনহাতে, একোটা শৌচাগাৰ প্ৰদানৰ নামত ঠিকাদাৰ হাজৰিকাৰ মহৰীয়ে হিতাধিকাৰীৰ পৰা ৩০০ ৰ পৰা ৫০০ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ স্থানীয় লোকে অভিযোগ তুলিছে।

ঠিকাদাৰ গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-অভিযন্তাৰে গোপন বুজাবুজি কৰি এইদৰে লুণ্ঠনৰাজ অব্যাহত ৰাখিছে বুলি ৰাইজে জানিব দিয়ে।

ইপিনে, কলিয়াবৰৰ দেউৰি-চিলাবন্ধা গাঁৱত ব্যাপক দুৰ্নীতিৰে শৌচাগাৰ নিৰ্মাণ কৰিছে মণ্টু নাথ নামৰ আন এজন ঠিকাদাৰে। একেবাৰে অতি নিম্নমানৰ ইটা-বালি-চিমেণ্ট ব্যৱহাৰ কৰি শৌচাগাৰসমূহ নিৰ্মাণ কৰিছে যাৰ পৰিণতিত দুদিনতে খহি পৰিছে শৌচাগাৰৰ ইটাৰ গাঁঠনি।

বিভাগীয় নিৰ্দেশ মতে প্ৰতিটো শৌচাগাৰ নিৰ্মাণত ৫০০ ইটা ব্যৱহাৰ কৰিব লাগে  যদিও ঠিকাদাৰ গৰাকীয়ে ৩৫০ ৰ পৰা ৪০০ ইটাহে ব্যৱহাৰ কৰিছে আৰু ইয়াত  এডালো ৰড ব্যৱহাৰ কৰা নাই। কিন্তু এই সকলো কৰ্মকাণ্ড দেখিও  কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্বিকাৰ ভুমিকা পালন কৰি আছে।

যি সময়ত অসম চৰকাৰৰ বিয়াগোম মন্ত্ৰীয়ে উন্নয়নৰ ঢাক-ঢোল বজাই উচ্চ কণ্ঠৰে ৰাজ্যত সফল উন্নয়ন হোৱা বুলি দম্ভালি মাৰি ফুৰিছে ,দুৰ্নীতি বন্ধ হৈছে আৰু ৰাজ্যৰ উন্নয়ন এইখন চৰকাৰৰ দিনত হৈছে বুলি কৈ ফুৰিছে, সেয়া যে মিথ্যাচাৰৰ বাহিৰে আন একো নহয় তাৰ যেন জলজল পটপট উদাহৰণ কলিয়াবৰৰ এই দুখন গাওঁত নিৰ্মাণ হৈ থকা চৰকাৰী শৌচাগাৰসমূহ।