NORTHEAST NOW (Assamese)
অসম

২২জুনৰ পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী; চাওক, কেতিয়া হ’ব মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2021 8:35 pm
Maa-Kamakhya-750x375

অহা ২২ জুনৰ পৰা নীলাচলৰ শক্তিপীঠ কামাখ্যা ধামত পবিত্ৰ মহা অম্বুবাচী।

পঞ্জিকা অনুসৰি, ২২ জুন মঙলবাৰে বিয়লি ২ বাজি ৬ মিনিট ৭ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব।

সেইদৰে, ২৬ জুন শনিবাৰে পুৱতি নিশা ২ বাজি ২৯  মিনিট ৯ ছেকেণ্ডত হব নিবৃত্তি।

২৩, ২৪, ২৫ তাৰিখে দেৱীৰ মুল দুৱাৰ বন্ধ থাকিব। ২৬ জুনত দেৱালয়ৰ দুৱাৰ পুৱা খোলা হ’ব।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ বাবে এইবাৰ মা কামাখ্যা মন্দিৰত পবিত্ৰ অম্বুবাচী মেলা বাতিল কৰা হৈছে।

সেয়ে, এইবাৰ মা কামখ্যা ধামত ভক্তৰ সমাগম নহয় আৰু কোভিড বিধি অনুসৰণ কৰি মন্দিৰৰ পুজাৰীয়ে অনুষ্টুপীয়াকৈ অম্বুবাচীৰ ৰীতি-নীতিসমূহ সম্পন্ন কৰিব।