NORTHEAST NOW (Assamese)
অসম

চমক দিলে চীনে; ২৮ঘন্টাতে নিৰ্মাণ কৰিলে ১০ মহলীয়া অট্টালিকা! (চাওক ভিডিঅ’)

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2021 2:41 pm
2021_6image_13_00_080843918china-ll

সাধাৰণতে সকলো প্ৰস্তুতি লৈ দুই মহলীয়া বা তিনি মহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰিবলৈকে কেইবা সপ্তাহৰ পৰা আৰম্ভ কৰি কেতিয়াবা কেইবামাহো লাগে। সম্প্ৰতি কৰ’না অতিমাৰীৰ সময়ত এই সময় আৰু বৃদ্ধি পোৱাটোৱেই স্বাভাৱিক।

কিন্তু মাত্ৰ ২৮ ঘন্টাতেই এটা দহ মহলীয়া অট্টালিকা নিৰ্মাণ কৰাৰ কথা শুনিলে চকু কপালতে উঠাৰ কথা।

পিচে, শুনিবলৈ আচৰিত লাগিলেও চীনে এই ঘটনা সম্ভৱ কৰি তুলিছে। সম্পূৰ্ণ এদিনতকৈ অলপ বেছি সময়ৰ ভিতৰতেই চীনৰ এটা সংস্থাই নিৰ্মাণ কৰি উলিয়াইছে এনে এক গগনচুম্বী অট্টালিকা।

চীনৰ হুনান প্ৰদেশত ছাংগাছা চহৰত দহ মহলীয়া অট্টালিকাটো নিৰ্মাণ কৰোতে ব্ৰড গ্ৰুপ নামৰ নিৰ্মাণ সংস্থাটোৱে মাত্ৰ ২৮ঘন্টা ৪৫ মিনিট সময় ল’লে।

সংস্থাটোৱে নিজৰ ইউটিউব চেনেলত সেই অট্টালিকা নিৰ্মাণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ এটা সৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। পাঁচ মিনিটৰ সেই ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

কিন্তু কেনেকৈ সম্ভৱ হ’ল এনে চমৎকাৰ? সংস্থাটোৱে জানিবলৈ দিছে যে এই অট্টালিকাটো নিৰ্মাণ কৰোতে প্ৰি-ফেব্ৰিকেটেড পদ্ধতি অনুসৰণ পদ্ধতি অনুসৰণ কৰা হৈছে।

অৰ্থাৎ পূৰ্বেই সেই ঘৰটো পৃথক পৃথকভাৱে ব্ৰড নামৰ সংস্থাটোৰ কাৰাখানাত নিৰ্মাণ কৰা হৈছে। তাৰপাছত নিৰ্মাণস্থলীলৈ সেইবোৰ লৈ গৈ তিনিখন বিশাল আকৃতিৰ ক্ৰেনৰ জৰিয়তে এটা ব্লকৰ ওপৰত আনটো ব্লক বহুৱাই দিয়া হয়।

সেয়ে, এদিনৰ ভিতৰতে গোটেই অট্টালিকাটো সম্পূৰ্ণ বহুৱাই দিয়া সম্ভৱ হৈছে বুলি সংস্থাটোৱে সদৰী কৰে।

আনহাতে, সংস্থাটোৱে জানিবলৈ দিয়ে যে ইমান কম সময়ৰ ভিতৰত নিৰ্মাণ কৰা হ’লেও অট্টালিকাটো যথেষ্ট মজবুত আৰু ভূমিকম্প প্ৰতিৰোধী। তদুপৰি, অট্টালিকাটোৰ অংশবোৰ খুলি আন ঠাইলৈ তাক স্থানান্তৰো কৰিব পৰা যাব।