NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ শালনাত সংঘটিত হত্যাকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: বিদ্যুত জ্যোতি বৰা April 22, 2019 8:36 pm

নগাঁও আৰক্ষীয়ে আজি এক অভিযান চলাই জিলাখনৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চন বস্তিত যোৱা ১৮ এপ্ৰিলৰ নিশা সংঘটিত হোৱা এক হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত চামগুৰিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মৰাকৰ নেতৃত্বত চামগুৰি আৰু শালনাৰ পৰা যোৱা আৰক্ষীৰ দলে শালনাৰ আমলখি চাহ বাগিছাৰ কাঞ্চন বস্তি আৰু চামগুৰি উদমাৰীস্থিত নিজা বাসগৃহৰ পৰা অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত লোকদুজনক আমলখি বাগানৰ কাঞ্চন বস্তিৰ চুনিল ঘাটোৱাল (২৬) আৰু চামগুৰি উদমাৰীৰ ৰাজু ঘাটোৱাল (পুনিয়া ) (২৫) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ১৮ এপ্ৰিলৰ নিশা পৰিকল্পিতভাৱে কাঞ্চন বস্তিৰ জীতেন গোৱালা (৪৫) নামৰ লোকজনকক কোনো লোকে হত্যা কৰি এটা পৰিত্যক্ত মাটি কোঁৱাত পেলাই খৈ গৈছিল। ইয়াৰ পিছৰে পৰা আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰি আজি উক্ত অপৰাধী দুজনক গ্ৰেপ্তাৰ কৰে।