NORTHEAST NOW (Assamese)
অসম

কোৱাৰ্টাৰত পৰাস্ত হৈ পদক জয়ৰ স্বপ্ন ভংগ লাভলিনা বৰগোহাঁইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2019 8:54 pm
Lovlina-Borgohain-570x320

বেংককত চলি থকা ২০১৯ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ল অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই। প্ৰতিযোগিতাখনত পদক জয়ৰ প্ৰৱল সম্ভাৱনা আছিল যদিও লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ লগে লগে ক্ৰীড়া প্ৰেমীসকলৰ সেই আশা নিৰ্বাপিত হয়।

মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলিনাই আজি প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হয় চাইনিজ টাইপেৰ বিশ্ব চেম্পিয়ন বক্সাৰ চেন নিয়েন চিনৰ বিৰুদ্ধে। মেচখনত কোনো সুযোগ নিদিয়াকৈয়ে চেন নিয়েন চিনে লাভলিনাক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

আজিৰ মেচখনৰ জৰিয়তে লাভলিনাই চাইনিজ টাইপেৰ খেলুৱৈগৰাকীৰ বিৰদ্ধে প্ৰতিশোধ লোৱাৰ সম্পূৰ্ণ সুযোগ পাইছিল যদিও সেই সুযোগ লোৱাত ব্যৰ্থ হয় লাভলিনা। উল্লেখ্য যে যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিয়েন চিনৰ হাততে পৰাস্ত হৈছিল লাভলিনা বৰগোহাঁই।

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক জয়ী অসমৰ লাভলিনাই ভিয়েটনামৰ ট্ৰান থি লিনহক প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।