NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈত মাছ ধৰিবলৈ গৈ যুৱকৰ কৰুণ সলিল সমাধি

Posted by: মানস প্ৰতিম গগৈ April 22, 2019 8:05 pm
Screenshot_20190422_184921

বুঢ়ীদিহিং নৈত মাছ মাৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি ঘটা ঘটনাই আজি মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছ৷

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লামা গাঁৱৰ চামচেশ ডাং নামৰ এজন ৩৫ বছৰীয়া যুৱকৰ বুঢ়ীদিহিং নদীত মাছ ধৰিবলৈ গৈ সলিল সমাধি ঘটে।

আজি বিয়লি যুৱকজনে বুঢ়ীদিহিং নদীত মাছ ধৰিবলৈ গৈ নদীৰ দ পানীত পৰি যোৱাৰ দৃশ্য কাষতে মাছ ধৰি থকা কেইবাজনো মাছমৰীয়াই প্ৰত্যক্ষ কৰে। ওচৰত থকা মাছমৰীয়া কেইজনে লগে লগে যুৱকজনক উদ্ধাৰৰ বাবে আগবাঢ়ি আহে যদিও যুৱকজনক জীৱন্ত ৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

আনহাতে, বহুসময়ৰ চেষ্টাৰ অন্তত মাছমৰীয়া সকলে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যুৱকজনৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চল। ইতমধ্যে মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যত ক্ৰমাগত ভাবে নৈৰ পানীত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কিছুদিন পূৰ্বে বিহালীত দুজন যুৱকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ অকাল মৃত্যুক সাবতিব লগা হৈছিল।