NORTHEAST NOW (Assamese)
অসম

অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2025 10:06 am

অসম-মেঘালয় সীমান্তৰ ৰিভই জিলাৰ মাইখুলি গাঁৱত স্থানীয় বাসিন্দাই অসম শক্তি বিতৰণ নিগম লিমিটেডে “অবৈধভাৱে” স্থাপন কৰা এটা বিদ্যুতৰ খুঁটা ভাঙি পেলোৱাৰ পিছত উত্তেজনাৰ সৃষ্টি হয়।

সোমবাৰে সংঘটিত হোৱা এই ঘটনাৰ ফলত দুয়ো সীমান্তৰ গাঁওবাসীৰ মাজতো শাৰীৰিক সংঘৰ্ষৰ সৃষ্টি হয়। মেঘালয়ৰ গাঁওবাসীয়ে মাইখুলি পুখুৰীৰ সমীপত এপিডিচিএলে স্থাপন কৰা বিদ্যুতৰ খুঁটাটো মেঘালয়ৰ বুলি দাবী কৰি উভালি পেলায়।

ইয়াৰ পিছতে অসমৰ বাসিন্দাসকলে সেই স্থানত উপস্থিত হৈ উত্তপ্ত বাক-বিতণ্ডাত লিপ্ত হোৱাৰ পিছতে শাৰীৰিক সংঘৰ্ষৰ সৃষ্টি হয়।

এই সংঘৰ্ষৰ সময়ত একাংশ মহিলা আক্ৰমণৰ বলি হয় আৰু টনা-আজোৰাত তেওঁলোকৰ কাপোৰ ফাটি যায়।

ৰিভই আৰু কামৰূপ (মেট্ৰ’)ৰ জিলা কৰ্তৃপক্ষই বাহিনী মোতায়েন কৰি উন্মত্ত জনতাক ছত্ৰভংগ দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

সীমান্তবাসীৰ মাজত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে কৰ্তৃপক্ষই এখন শান্তি সমিতি গঠন কৰে।

দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদ নিষ্পত্তিৰ বাবে অব্যাহত থকা প্ৰচেষ্টাৰ মাজতে এই ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই  শনিবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দুয়োখন ৰাজ্যৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে।