NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ ফেইচবুক টাইমলাইন ভৰিছে চৰম উপলুঙাসূচক কমেণ্টেৰে; অসংসদীয়, অশোভনীয় শব্দেৰে গালি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2019 8:56 pm
Sonowal_facebook Comments

“কেব”ক লৈ ক্ষুভিত হৈ থকা অসমৰ জনগণৰ একাংশই ছ’চিয়েল মিডিয়াত তুলাধূনা দিছে গুৰুত্বপূৰ্ণ বিষয়ত “নিমাত” হৈ থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

মুখ্য মন্ত্ৰী সোণাৱালে তেওঁৰ ফেইচবুক একাউণ্টত দিয়া যিকোনো পোষ্টতে সংগতি বিচাৰ নকৰাকৈ “কেব”ক লৈ তেওঁৰ স্থিতিৰ বাবে কটু মন্তব্য কৰিবলৈ ধৰিছে য়ুজাৰসকলে।

মুখ্য মন্ত্ৰীজনৰ প্ৰতি সামান্য সন্মানতো বাদেই ভদ্ৰতা প্ৰকাশৰ কথাও পাহৰি গৈ “কুকুৰৰ পোৱালি”, “চোৱা চেলেকা” আদি অনেক অশোভনীয়, অসংসদীয় শব্দৰ ব্যৱহাৰ কৰিছে য়ুজাৰসকলে।

আজি পুৱাৰ ভাগত সোণোৱালে অসমৰ সিদ্ধান্ত গগৈয়ে নেপালত চলি থকা দক্ষিণ এছীয় গেইমছত স্বৰ্ণ পদক পোৱা বাবে অভিনন্দন জনাই এটা পোষ্ট কৰিছিল। কিন্তু সেই পোষ্টটোত প্ৰায়সকলে মূল বিষয়টো এৰাই চলি “কেব”ৰ বিষয়ত সোণোৱালক বিভিন্ন প্ৰশ্ন কৰে।

Sonowal_facebook Comment_2

তাৰ পূৰ্বে ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যু দিৱস উপলক্ষে দিয়া এটা পোষ্টতো তুলাধূনা দিছে য়ুজাৰসকলে। শ শ য়ুজাৰে তেওঁক কোনো সৌজন্যৰ কথা নভবাকৈ গালি দিয়ে।

মন্তব্য আৰু প্ৰশ্ন কৰাসকলৰ ভিতৰত আছুৰ নেতা-কৰ্মীও আছে।

এজনৰ মন্তব্য, “ককাইদেউ আপোনি এজন মেৰুদণ্ডহীন জাতিদ্ৰোহী আসনলোভী স্বাৰ্থপৰ জাতীয় খলনায়ক হয়”।

১০ ডিচেম্বৰত গহপুৰত থকা কাৰ্য্যসূচীলৈ নাযাবলৈ এজন য়ুজাৰে সকীয়নি দিয়ে মুখ্য মন্ত্ৰী সোণোৱালক।

“আপুনি আপোনাৰ উপাধিটো পাৰিলে সলনি কৰি ল’ব ডাঙৰীয়া.. বৰ দুখ লাগে, বেয়া লাগে.. বেলেগৰ কথা নাজানো, এজন সোনোৱাল কছাৰী হিছাপে মই লাজ পাওঁ.. CABৰ বিৰোধিতা কৰক, নহ’লে উপাধি সলনি কৰি বাংলা উপাধি গ্ৰহণ কৰি CAB সমৰ্থন কৰক.. এজন সোনোৱাল, অসমীয়া হিছাপে নহয়..” সোণোৱাল উপাধিৰ এজন লোকৰ মন্তব্য।

আন এজনৰ মন্তব্য, “বদন ঐ বদন। নিলাজ নিধক।”

“পোষ্ট বঙালীত লিখিব”, এজনৰ পৰামৰ্শ মুখ্য মন্ত্ৰীক।

আন এজনৰ মন্তব্য। “অসমবাসীৰ হৈ আৰু আপুনি গলাফালি চিঞৰ নমৰাই ভাল।অসমৰ গৌৰৱক অসমীয়াই সন্মান কৰিব জানে।“