NORTHEAST NOW (Assamese)
অসম

শিক্ষানুষ্ঠান বন্ধ ৰাখি ৰাজনৈতিক সভা পাতি থকা শিক্ষামন্ত্ৰীক তুলাধুনা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 28, 2020 6:07 pm
Himanta VS SMSS

শিক্ষানুষ্ঠান বিশেষকৈ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বন্ধ ৰাখি হাজাৰ হাজাৰ জনতাক লৈ দৈনিক ২-৩ খনকৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দেবব্ৰত শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই।

‘উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান সম্পূৰ্ণকৈ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগে কোনো নিৰ্দেশনা দিয়া নাই। যাৰ বাবে শিক্ষাৰ্থীসকলে সমস্যাৰ সন্মুখীন হ’বলৈ গৈ আছে। কোভিড প্ৰট’কলৰ অজুহাত দি শিক্ষা প্ৰতিষ্ঠানসমূহ খুলি দিয়া নাই কিন্তু শিক্ষা ও স্বাস্থ্য মন্ত্ৰীয়ে নিজে হাজাৰ হাজাৰ জনতাক লগত লৈ ইখনৰ পিছত সিখন ৰাজনৈতিক সভা পাতি আছে।’ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এইদৰে কয় দেবব্ৰত শইকীয়াই।

ইপিনে, উক্ত সংবাদমেলতে হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়াকৈ প্ৰশ্ন কৰি শইকীয়াই কয় ‘মন্ত্ৰী মহোদয়, আপুনি শিক্ষা বিভাগৰ দায়িত্ব এৰিলে নেকি?’

তদুপৰি, শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণকৈ মুকলি কৰি নিদিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি শইকীয়াই কয় ‘কোনো কোনো মহাবিদ্যালয়ত ক্লাছ হৈছে আন কৰবাত আকৌ হোৱা নাই। কেতিয়া কোনটো ছেমিষ্টাৰৰ ক্লাছ হয় তাৰ কোনো ঠিক নাই। হোষ্টেলসমূহ খুলি নিদিয়া ফলত দূৰৰ শিক্ষাৰ্থীসকলৰ কষ্ট হৈছে, বহুতে ক্লাছ কৰিব পৰা নাই।’

‘চৰকাৰী হোষ্টেলসমূহ খোলা নাই কিন্তু ব্যক্তিগত হোষ্টেলসমূহ সুন্দৰকৈ চলি আছে। চৰকাৰী হোষ্টেল মুকলি কৰি নিদিয়াৰ ফলত গুৱাহাটীত বহু ছাত্ৰ-ছাত্ৰীয়ে ভাড়াঘৰত অত্যধিক ধন ভৰি থাকিবলগীয়া হোৱাত তেওঁলোক হতাশাৰ সন্মুখীন হৈছে।‘

ইপিনে, উক্ত সংবাদমেলৰ জৰিয়তেই শইকীয়াই কোভিড প্ৰট’কল মানি শীঘ্ৰে কলেজ, বিশ্ববিদ্যালয় আৰু হোষ্টেলসমূহ খুলি দিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনায়।

তেওঁ লগতে কয় ‘যদি ৰাজ্যৰ শিক্ষা বিভাগে মহাবিদ্যালয় খুলি দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি বুজিবলৈ বাধ্য হ’ম যে কা আন্দোলনৰ সময়ত শিক্ষাৰ্থীসকলে যি বৃহৎ প্ৰতিবাদ কৰিছিল তাৰ বাবেই তেওঁলোকে মহাবিদ্যালয়সমূহ সম্পূৰ্ণকৈ খুলি দিয়া নাই।‘

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় ‘পাঠ্যক্ৰম হ্ৰাস কৰাৰ নামত শিক্ষাৰ্থীসকলক প্ৰবঞ্চনা কৰা হৈছে। বেচৰকাৰী খণ্ডৰ শিক্ষাৰ্থীসকল বহুত আগবাঢ়ি গৈছে কাৰণ বেচৰকাৰী প্ৰতিষ্ঠানসমূহ চলি আছে। শিক্ষানুষ্ঠান বা আৱাসসমূহ কোভিড চেণ্টাৰ কৰা হৈছিল, কিন্তু সেইবোৰ ছেনিটাইজ বা পুনঃ মেৰামতি কৰাৰ বাহিৰে ৰাজনৈতিক সভা পতাত ব্যস্ত হৈ আছে চৰকাৰ।’