NORTHEAST NOW (Assamese)
অসম

মাৰ্কিন পপ তাৰকা চেৰিলিনৰ এটা অনুৰোধ ৰক্ষা কৰিলে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে, কি সেই অনুৰোধ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 6:09 pm
a ele 5ec77259ea15d

বিখ্যাত মাৰ্কিন পপ তাৰকা চেৰলিন চাৰ্কিছিয়ানৰ এটা অনুৰোধ অৱশেষত ৰক্ষা কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

ইমৰাণ খানক সেই বিশেষ অনুৰোধ জনোৱাৰ বাবেই সাত সাগৰ তেৰ নদী পাৰ হৈ পাকিস্তানলৈ ঢপলিয়াই আহিছিল চেৰিলিন।

কোনো ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে চেৰিলিনে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা নাছিল। চেৰিলিনৰ এই অনুৰোধ আছিল এটা হাতীৰ বাবে।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ মাৰজঘাৰ চিৰিয়াখানাত বিগত ৩৫ বছৰ ধৰি অতি দুখলগা অৱস্থাত বন্দী হৈ থকা কাভান নামৰ হাতীটোৰ মুক্তিৰ বাবে ইমৰাণ খানক অনুৰোধ জনাইছিল মাৰ্কিন পপ তাৰকা চেৰিলিনে।

‘বিশ্বৰ আটাইতকৈ নিঃসংগ হাতী’ হিচাবে পৰিগণিত হোৱা কাভান নামৰ হাতীটো পাকিস্তানক উপহাৰ দিছিল শ্ৰীলংকাই।

সেই সময়ত কাভানৰ বয়স আছিল ১ বছৰ। ২০১২ চনত কাভানে তাৰ সংগীক হেৰুওৱাৰ পিছৰে পৰা হাতীটো অধিক নিঃসংগ হৈ পৰে।চিৰিয়াখানা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে কাভানে আনকি ভালকৈ খাবলৈ পোৱা নাছিল।

অস্বাস্থ্যকৰ পৰিবেশ থাকি কাভান হৈ পৰিছিল অসুস্থ।হাতীটোৰ দুৰ্দশাৰ কাহিনী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে প্ৰকৃতিপ্ৰেমী বহু লোকৰ হৃদয় কান্দি উঠিছিল।

মাৰ্কিন পপ তাৰকা চেৰিলিনে নিজে গৈ ইমৰাণ খানক হাতীটোক চিৰিয়াখানাৰ পৰা মুক্তি দিয়াৰ বাবে অনুৰোধ জনোৱাৰ সিদ্ধান্ত লৈছিল

। সেই মৰ্মে তেওঁ ইমৰাণ খানক সাক্ষাৎ কৰি কাভানক মুক্তি দিয়াৰ বাবে অনুৰোধ জনায়।মাৰ্কিন পপ তাৰকা গৰাকীৰ অনুৰোধ ৰক্ষা কৰি ইমৰাণ খানে কাভানক ইছলামাবাদৰ চিৰিয়াখানাৰ পৰা মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কাইলৈ অৰ্থাৎ দেওবাৰে হাতীটোক লৈ যোৱা হব কম্বোডিয়ালৈ। কম্বোডিয়াৰ হাবিত এৰি দিয়া হব কাভানক।

মাৰ্কিন পপ তাৰকা গৰাকীৰ বদান্যতাক সকলোৱে এতিয়া প্ৰশংসা কৰিছে।