NORTHEAST NOW (Assamese)
অসম

টীয়কত ‘কেব’ৰ বিৰুদ্ধে আছু আৰু ৩০ সংগঠনৰ বিক্ষোভ; কংগ্ৰেছৰ অনশন কাৰ্যসূচী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 6, 2019 9:11 pm
টীয়কত ‘কেব’ৰ বিৰুদ্ধে আছু আৰু ৩০ সংগঠনৰ বিক্ষোভ; কংগ্ৰেছৰ অনশন কাৰ্যসূচী

আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আজি টীয়কটো টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি আৰু বিভিন্ন সংগঠনে টীয়ক ৰাজ্যিক বাছ আস্থানৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীতে ‘কেব’ বাতিলৰ দাবীত ৰাজহুৱাভাৱে মুণ্ডন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগে। কাৰ্যসূচীত টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অশোক কুমাৰ বৰা, সম্পাদক ভোগনাথ হাজৰীকা, অসম আন্দোলনৰ নেতা প্ৰদীপ চুতীয়াকে ধৰি বহুকেইজন সদস্যই অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত টীয়কত কংগ্ৰেছ দলেও অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

অনশনস্থলীত প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। লগতে জাতিৰ নায়ক উপাধিৰে বিভূষিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সু-মতি বিচাৰি প্ৰতিবাদকাৰীসকলে বক্তব্য ৰাখে।