NORTHEAST NOW (Assamese)
অসম

Novak Djokovic : কেৰিয়াৰত ২৩টা গ্ৰেণ্ড শ্লেম; ফ্ৰেন্স অ’পেনত জয়লাভ কৰি টেনিছত ইতিহাস গঢ়িলে জ’কভিচে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2023 8:13 am

কেৰিয়াৰত ২৩ টা গ্ৰেণ্ড শ্লেম। ফ্ৰেন্স অ’পেনত জয়লাভ কৰি নোভাক জ’কভিচে অতিক্ৰম কৰিলে ৰাফেল নাডালক। সৰ্বকালৰ শ্ৰেষ্ঠ টেনিছ তাৰকা হৈ পৰিল জ’কভিচ। তেওঁ টেনিছত এক নতুন ইতিহাস ৰচনা কৰিলে।

ছিজনৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰি নাডালক স্পৰ্শ কৰিছিল জ’কভিচে। ফ্ৰেন্স অ’পেনত জয়লাভ কৰি তেওঁ ক্লে ক’ৰ্টৰ সম্ৰাটক অতিক্ৰম কৰে। এতিয়ালৈকে দুয়োজনে ২২টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি আছিল। এইবাৰ জ’কভিচৰ নামৰ কাষত জিলিকি উঠিব ২৩টা গ্ৰেণ্ড শ্লেম।

যোৱা বছৰৰ ৰানাৰ্ছ আপ কেছপাৰ ৰুডক দেওবাৰে ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে ছাৰ্বিয়ান তাৰকাগৰাকীয়ে। মেচৰ ফলাফল ৭-৬, ৬-৩, ৭-৫। জোকাৰে পুৰুষৰ টেনিছত ২৩টা গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।

বিশ্বৰ এক নম্বৰ টেনিছ তাৰকাগৰাকীয়ে দেওবাৰৰ দিনটোত নৰৱেৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ বিশেষ কষ্ট কৰিব লগা নহ’ল। প্ৰথম ছেটত যুঁজিছিল কেছপাৰে। টাইব্ৰেকাৰলৈ লৈ গৈছিল ছেটটো। নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি জ’কোভিচে জয়লাভ কৰে।

ফ্ৰেন্স অ’পেনত জয়লাভ কৰি নোভাক জ’কভিচ।

প্ৰথম গ্ৰেণ্ড শ্লেম জয়ৰ লক্ষ্যৰে নমা ৰুডে দ্বিতীয় ছেটত প্ৰত্যাহ্বান জনাবই নোৱাৰিলে। ছাৰ্বিয়াৰ তাৰকাগৰাকীয়ে সহজেই ৬-৩ ব্যৱধানত জয়লাভ কৰে। তৃতীয় ছেটত চতুৰ যুঁজ হৈছিল। কিন্তু জোকাৰেই শেষ হাঁহি মাৰিলে।

ইতিহাসত নিজৰ নাম লিখাৰ পিছত আৱেগেৰে উঠলি উঠিল ন’ভাক। ফ্ৰেন্স অ’পেন জয় কৰাৰ পিছতে তেওঁ দৌৰি ষ্টেণ্ডলৈ যায়। ছোৱালীজনীক কোলাত তুলি লয়। এই মধুৰ মুহূৰ্তটো তেওঁ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিলে।

এই স্থানলৈ আহি উপস্থিত হোৱাৰ বাবে জ’কভিচে দৰ্শকক ধন্যবাদ জনায়। ৰজাৰ ফেডাৰেৰ, ৰাফেল নাডালক অতিক্ৰম কৰি এতিয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টেনিছ তাৰকা জ’কভিচ।