NORTHEAST NOW (Assamese)
অসম

অসম সন্তান শিৱ থাপাৰ ফিনলেণ্ডৰ বক্সিং টুৰ্নামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ

Posted by: এন ই নাও নিউজ March 10, 2019 7:39 am

ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুনাম কঢ়িয়াই আনি অসম সন্তান তথা বক্সাৰ শিৱ থাপাই ফিনলেণ্ডৰ হেলচিংকিত চলি থকা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত প্ৰৱেশেৰে প্ৰতিযোগিতাখনত পদকো নিশ্চিত কৰিছে।

শুকুৰবাৰে অৰ্থাৎ ৮ মাৰ্চত  নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰাক্তন ব্ৰঞ্জ পদক বিজয়ী শিৱ থাপাই পোলেণ্ডৰ ডমিনিক পালাক ৫-০ ব্যৱধানত পৰাস্ত কৰে। শিৱ থাপাই প্ৰথম ৰাউণ্ডত বাই লাভ কৰিছিল। ছেমিফাইনেলত অসম সন্তান তথা বক্সাৰ শিৱ থাপা সন্মুখীন হ’ব ৰাছিয়াৰ মিখাইল ভাৰ্লামভৰ।

উল্লেখযোগ্য যে ফিনলেণ্ডৰ হেলচিংকিত চলি থকা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টখনত পোন্ধৰখন দেশৰ প্ৰায় এশ বক্সাৰে অংশ গ্ৰহণ কৰিছে। আনহাতে বক্সিং টুৰ্ণামেণ্টখনৰ ছেমি ফাইনেলত অসম সন্তান শিৱ থাপাৰ লগতে আৰু ৭ জন ভাৰতীয় বক্সাৰে প্ৰৱেশ কৰিছে।