NORTHEAST NOW (Assamese)
অসম

চুলাই ট্ৰেজেডি : ৰাজ্যত পুনৰ চাৰিজন লোকৰ মৃত্যু; আৰক্ষী অধীক্ষকক ঘেৰাও স্থানীয় মহিলাৰ

Posted by: এন ই নাও নিউজ March 10, 2019 7:05 am

বিষাক্ত চুলাই সেৱন কৰি ৯ মাৰ্চত পুনৰ নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ ৰাতুল দাস আৰু জিতু দাস নামৰ দুজন লোকৰ মৃত্যুৰ পিছতে গোলাঘাটৰ মিচনপট্টিটো এজন সুৰাপায়ীৰ মৃত্যু হয়। আনহাতে আন দুজনক সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত মহিলাসকলে অঞ্চলটোৰ একাংশ চুলাই তৈয়াৰ কৰা ঘাটিত উপস্থিত হৈ খণ্ডযুদ্ধত লিপ্ত হয়৷ তাৰোপৰি গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক ঘেৰাও কৰি আৰক্ষী আৰু আবকাৰী বিভাগে সুৰা ব্যৱসায়ীৰ লগত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। স্থানীয় মহিলাসকলে আবকাৰী আৰু প্ৰশাসনৰ নিকৃষ্ট ভূমিকাৰ বাবেই গোলাঘাটত এনে দৰে বিষাক্ত চুলাই খাই মৃত্যু হোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে।

ইফালে শিৱসাগৰ জিলাৰ আমগুৰি ঘোঁৰাচোৱা গাঁৱতো বিষাক্ত সুৰাপান কৰি এজন যুৱকৰ মৃত্যু হয়। মৃত্যুক আঁকোৱালি লোৱা যুৱকজনৰ নাম ৰন্টু চেতিয়া বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ অভিযোগ আমগুৰি আবকাৰী আৰু প্ৰশাসনে চুলাই ভাটী আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে অঞ্চলটোত এনে কাণ্ড সংঘটিত হয়।