NORTHEAST NOW (Assamese)
অসম

কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘আমিষ’ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ল নিউৱৰ্কত

Posted by: এন ই নাও নিউজ April 27, 2019 12:35 pm

অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি ‘আমিষ’ৰ প্ৰিমিয়াৰ শুকুৰবাৰে অৰ্থাৎ ২৬ এপ্ৰিলত নিউৱৰ্কৰ ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। এই ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱ ২৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে। এই চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় কাহিনীমূলক ছবি শিতানত ‘আমিষ’ৰ লগতে ১০৩খন ছবি প্ৰদৰ্শিত হয়।

পৰিচালক ভাস্কৰ হাজৰিকাৰ চলচ্চিত্ৰ ‘আমিষ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰখ্যাত সত্ৰীয়া নৃত্যশিল্পী লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই। চলচ্চিত্ৰখনৰ প্ৰযোজন কৰিছে ছিগনাম প্ৰডাকশ্যনৰ পুনম ডেউলে।

উল্লেখযোগ্য যে পৰিচালক ভাস্কৰ হাজৰিকাই নিৰ্মাণ কৰা প্ৰথমখন চলচ্চিত্ৰ হ’ল কথানদী। এই চলচ্চিত্ৰখন ২০১৫ চনত নিৰ্মাণ কৰিছিল আৰু চলচ্চিত্ৰখনে জনপ্ৰিয়তাও লাভ কৰিছিল। বৰ্তমান তেওঁৰ দ্বিতীয়খন ছবি ‘আমিষ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ নিউৱৰ্কত প্ৰদৰ্শিত হোৱাৰ খবৰে এতিয়া ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে।