NORTHEAST NOW (Assamese)
অসম

আবছু কৰ্মীক আক্ৰমণ কৰা দোষীক শীঘ্ৰে আটক কৰাৰ দাবী আবছুৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী April 27, 2019 11:51 am
injured-pic-1

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ আগনিশা তিনিগৰাকীকৈ আবছু কৰ্মীক আক্ৰমণৰ ঘটনাত জড়িত দোষীসকলক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে আবছু নেতৃত্বই।

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিব নোৱাৰিলে ছাত্ৰ সংগঠনটোৱে ব্যতিক্ৰম ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে।

কোকৰাঝাৰৰ বডৌফা ভবনত অনুষ্ঠিত হোৱা এখন সংবাদ মেল সম্বোধন কৰি আবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক স্বৌমদৌং ব্ৰহ্মই কয় যে এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাত চূড়ান্তভাবে ব্যৰ্থ হৈছে।

আবছুৰ নেতাগৰাকীয়ে কোকৰাঝাৰ আৰক্ষীক দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সমালোচনা কৰে। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰাক মহূৰ্তত আবছু কৰ্মীক কোকৰাঝাৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এটা বিশেষ ৰাজনৈতিক দলৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ দলে।

এই আক্ৰমণৰ ঘটনাত ৰতন বসুমতাৰী(২২), ধ্ৰুৱজ্যোতি ব্ৰহ্ম(২৯) আৰু খৌৰমদাও মুছাহাৰী(২৩) নামৰ তিনিজন ছাত্ৰ সংগঠনটোৰ সদস্য গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল।

বৰ্তমান তিনিওজন সদস্যক চিকিৎসা প্ৰদান কৰি থকা হৈছে। আবছুৰ ফালৰ পৰা ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪৭/৩২৫/৩০৭/৪২৭ নম্বৰত এখন এজাহাৰ দাখিল কৰিছে।