NORTHEAST NOW (Assamese)
অসম

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2025 10:18 am

কেৰালাৰ এখন বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ। মাতৃয়ে জনোৱা মতে, স্কুলত প্ৰাৰ্থনাৰ সময়ত পুত্ৰই লাথি মাৰি শিল আঁতৰাই আছিল। ঘটনাটো দেখি প্ৰধান শিক্ষকে পুত্ৰৰ গালত চৰ সোধালে। এই ঘটনাৰ বাবে ছাত্ৰজনৰ কাণত গুৰুতৰ আঘাত পোৱা বুলি  ছাত্ৰজনৰ পৰিয়ালে দাবী কৰিছে।

কেৰালাৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। শেহতীয়াকৈ কেৰালাৰ কাছাৰাগোড জিলাত সংঘটিত ঘটনাই বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিতৰ্কৰ মাজতে কেৰালাৰ শিক্ষা বিভাগে এইবাৰ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে ১১ আগষ্টত প্ৰধান শিক্ষকজনে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মাৰপিটৰ ফলত ছাত্ৰজনৰ কাণত আঘাত পোৱা বুলি পৰিয়ালৰলোকে  দাবী কৰিছে। কেৰালাৰ শিক্ষামন্ত্ৰী ভি শিৱনকুট্টীয়ে কয় যে এই ঘটনাৰ বিষয়ে জানিব পাৰি ছাত্ৰজনৰ মাতৃৰ সৈতে ফোনালাপৰ জড়িয়তে ঘটনাৰ সবিশেষ অনুজয়ী লয়। ইয়াৰ পিছত শিক্ষা বিভাগৰ সহকাৰী সঞ্চালকক তদন্তৰ নিৰ্দেশ দিছে।

শেহতীয়াকৈ কেৰালাৰ আন এখন চৰকাৰী বিদ্যালয়ত এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰজনক পলমকৈ বিদ্যালয়লৈ অহাৰ বাবে আন্ধাৰ কোঠাত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। কেৰালাৰ শিক্ষামন্ত্ৰীয়ে সেই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছিল বিদ্যালয়ৰ শিক্ষা সঞ্চালকে।

কিছু মাহ পূৰ্বে পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ভিতৰতে তৃতীয় শ্ৰেণীৰ ছাত্ৰক উলংগ কৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই ঘটনাত বিদ্যালয়খনৰ প্ৰধান শিক্ষককো গ্ৰেপ্তাৰ কৰা হৈছিল।