NORTHEAST NOW (Assamese)
অসম

আন্তঃজিলা যাতায়াত খুলি দিয়া হ’বনে? কি ক’লে মন্ত্ৰী কেশৱ মহন্তই

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 23, 2021 1:20 pm
dog

আজি পুৱা শিৱসাগৰ জিলাৰ কেইবাটাও কভিড ভেকচিন চেন্টাৰ পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় , কোঁৱৰপুৰৰ ভেকচিন চেন্টাৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ভেকচিন চেন্টাৰত উপস্থিত হৈ কভিড প্ৰতিষেধক লবলৈ অহা লোকসকলক সাক্ষাৎ কৰাৰ লগতে স্বাস্থ্য কৰ্মীসকলৰ কাম কাজ নীৰিক্ষণ কৰে।

ইয়াৰ পিছতে সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা বাধা শিঠিল কৰা নহয় বুলি উল্লেখ কৰে।

তদুপৰি ডিব্ৰুগড় , তিনিচুকীয়া, শোণিতপুৰ , গোলাঘাট আদি পাঁচখন জিলাৰ উপৰিও আন কেইবাখনো জিলাত কভিড সংক্ৰমণ বৃদ্ধি হৈ থকাত উদ্বিগ্নতা প্ৰকাশ কৰে কেশৱ মহন্তই।

অৱশ্যে এই জিলা কেইখনত সম্পূৰ্ণ লক ডাউন দিব নে নাই সেয়া নিশ্চিত নহয় ।

ক’ভিড ভেকচিন চেন্টাৰ পৰিদৰ্শন কালত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্টৰ শ্যামন্ত মাধৱ শৰ্মা, বিজেপিৰ জিলা সভানেত্ৰী সুৰভী ৰাজকুঁৱৰীও উপস্থিত থাকে।