NORTHEAST NOW (Assamese)
অসম

ৰহস্যজনক ভাবে সন্ধানহীন গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা ছোহাম শ্বপিৰ স্বত্বাধিকাৰ সন্দীপ জালান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2021 7:35 pm
Sandip-Jalan-1-750x375

গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা ছোহাম শ্বপিৰ স্বত্বাধিকাৰ সন্দীপ জালান নিৰুদ্দেশ হৈ পৰিছে। কালি সান্ধ্য ভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ব্যৱসায়ী জন।

পৰিয়ালৰ লোকে বহু চেষ্টা কৰিও ব্যৱসায়ী জনৰ কোনো সন্ধান উলিয়াব পৰা নাই অথবা তেওঁৰ সৈতে সম্পৰ্কও স্থাপন কৰিবলৈ সক্ষম হোৱা নাই।

মঙলবাৰৰ সন্ধিয়াৰে পৰা সন্দীপ জালানৰ মোবাইল ফোন বন্ধ হৈ আছে।পৰিয়ালৰ লোকেইতিমধ্যে ব্যৱসায়ী জনৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে আৰু এজাহাৰো দাখিল কৰিছে।

জানিব পৰা মতে মঙলবাৰে জালানক তেওঁৰ গাড়ীচালক দীপক সোণাৰে মহানগৰীৰ পল্টন বজাৰৰ গোল্ড চিনেমাৰ ওচৰত গাড়ীৰ পৰা নমাই দিছিল।

আৰক্ষীয়ে গাড়ীচালক জনক সোধা-পোছা কৰি আছে যদিও ব্যৱসায়ী জনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

গাড়ী চালক সোণাৰে প্ৰকাশ কৰা মতে ব্যৱসায়ী জনে গাড়ীৰ পৰা নামি যোৱাৰ সময়ত হাতত এটা চ্যুটকেছ আছিল।

ইপিনে আৰক্ষীয়ে ব্যৱসায়ী জনৰ মোবাইল ফোনটোৰ অৱস্থিতি ছয়গাঁৱত পোৱা বুলি জানিব পৰা গৈছে।এয়া আত্মগোপন নে অপহৰণ সেয়া এতিয়াও স্পষ্ট হোৱা নাই।