NORTHEAST NOW (Assamese)
অসম

কাকপথাৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাৰ পৰাই এজনক আটক আৰক্ষীৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 2, 2019 9:57 pm
কাকপথাৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাৰ পৰাই এজনক আটক আৰক্ষীৰ

কাকপথাৰ থানাৰ প্ৰভাৰী গকুল সোণোৱালে আজি এক বিশেষ সূত্ৰৰ পম খেদি কাকপথাৰ অন্তৰ্গত গেলগেলিপট্টিত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাৰ পৰাই এজন যুৱকক আটক কৰে। আটকাধীন যুৱকজৱক ধনঞ্জয় সিং (২৭) বুলি চিনাক্ত কৰা হৈছে।

ক্ষুদ্ৰ চহৰখনৰ মাজমজিয়াত এইদৰে মাৰাত্মক ড্ৰাগছৰ ঘাটি হোৱাৰ কথা পোহলৈ অহা বিষয়টোৱে অঞ্চলটোৰ সচেতন মহলক চিন্তিত কৰি তুলিছে।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ পৰা কাকপথাৰৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চললৈ একাংশ দুষ্টচক্ৰই ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰী  সৰবৰাহ কৰি আহিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে কাকপথাৰৰ বিভিন্ন স্থানত নিচাযুক্ত দ্ৰব্যৰ সমান্তৰালকৈ ড্ৰাগছৰ মুকলি বেহাই সমাজ জীৱন আৰু আইন শৃংখলাত বিৰূপ প্ৰভাৱ পেলাই আহিছে। কিন্তু ইয়াৰ পিছতো এনেবোৰ দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ কোনোধৰণৰ তৎপৰতা দেখিবলৈ পোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

গতিকে অঞ্চলটোৰ স্থানীয় ৰাইজে আবকাৰী আৰু আৰক্ষী বিভাগক ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাবলৈ দাবী জনাইছে।