NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ক্ৰীড়া সাংবাদিকতাৰ কৰ্মশালা

Posted by: উত্তম শইকীয়া September 15, 2018 10:55 pm

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ক্ৰীড়া কোষ আৰু কেৰিয়াৰ পৰামৰ্শ কোষৰ উদ্যোগত মহাবিদ্যালয়খনৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ পৃষ্ঠপোষকতাত শনিবাৰে অনুষ্ঠিত হয় ক্ৰীড়া সাংবাদিকতা আৰু ক্ৰীড়া ফট’গ্ৰাফিৰ এক এদিনীয়া কৰ্মশালা।

ক্ৰীড়া সাংবাদিকতাৰ বিভিন্ন দিশ,  ক্ৰীড়া সাংবাদিকতাৰ ইতিহাসৰ উপৰি এই ক্ষেত্ৰখনে সৃষ্টি কৰা সংস্থাপনৰ সম্ভাৱনাৰ বিষয়ে বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিকে কৰ্মশালাখনত বক্তব্য আগবঢ়ায়৷

এচচিয়েটে’দ প্ৰে’ছৰ ফট’ সাংবাদিক অনুপম নাথে কৰ্মশালাখনত ক্ৰীড়া ফট’গ্ৰাফিৰ গুৰুত্ব বাখ্যা কৰে৷ ‘ক্ৰীড়া ফট’গ্ৰাফিও ছাত্ৰ-ছাত্ৰীৰ বাবে জীৱিকাৰ সমল হ’ব পাৰে,’ কৰ্মশালাত এই মত প্ৰকাশ কৰে নাথে৷

নাথৰ উপৰি কৰ্মশালাখনত সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি তথা দৈনিক অসমৰ বুৰ’ চীফ সুবোধ মল্ল বৰুৱা, আছাম ত্ৰিবিউন কাকতৰ ক্ৰীড়া সম্পাদক পবিত্ৰ গগৈ আৰু অসমীয়া প্ৰতিদিন কাকতৰ ক্ৰীড়া সম্পাদক বিদ্যুৎ কলিতা সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখন উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই৷

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে আদৰণী ভাষণ দিয়া কৰ্মশালাখনৰ আঁত ধৰে যুটীয়া আহ্বায়ক তথা সহযোগী অধ্যাপক সুবোধ বৰাই৷