NORTHEAST NOW (Assamese)
অসম

ভটিয়াপাৰত শতবৰ্ষ গৰকা ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত সৈনিক ভোগেশ্বৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

Posted by: ৰাজীৱ দত্ত September 15, 2018 11:26 pm
Late Bhugeswar Baruah-101

শিৱসাগৰ জিলাৰ ভটিয়াপাৰ নিবাসী, ভটিয়াপাৰ বৰ নামঘৰৰ অন্যতম ভূমি দাতা তথা ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত সৈনিক ভোগেশ্বৰ বৰুৱাৰ কালি নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০২ বছৰ।

১৯১৬ চনত জন্ম গ্ৰহণ কৰা বৰুৱাই মাত্ৰ ২ বছৰ বয়সতে পৃতি-মাতৃক হেৰুৱাই ঘৰুৱা আৰ্থিক অৱস্থাই জুৰুলা কৰাত ঘৰৰ পৰা পলাই গৈ ১৯৩৯ চনত ভাৰতীয় সামৰিক বাহিনীত যোগ দিছিল।

উল্লেখযোগ্য যে ১৯৬১ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেওঁ ১৯৬২ চনৰ চীনা যুদ্ধ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশ লৈছিল। সেনা বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত ১৯৬৩ চনত তেওঁ শিৱসাগৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগত যোগদান কৰি ১৯৮০ চনত তাৰ পৰা অৱসৰ লয়।

শতবৰ্ষ গৰকা বৰুৱাই অৱসৰৰ পিছতো অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। ভাৰতীয় ষ্টেট বেংক শিৱসাগৰ শাখাৰ ইতিহাসত দীৰ্ঘকালিন সেনাবাহিনীৰ পেন্সন প্ৰাপ্ত সৈনিক গৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তথা লোকসকলে শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও ২ জন পুত্ৰ, ৪ গৰাকী কন্যা, এজন ভাতৃকে ধৰি অসংখ্য গুণ মুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।