NORTHEAST NOW (Assamese)
অসম

কৰ’না বিয়পোৱাৰ পুৰষ্কাৰ! সৰ্বোচ্চ সন্মানৰ বাবে মনোনীত য়ুহানৰ গৱেষণাগাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2021 4:54 pm
wahan lab

সমগ্ৰ বিশ্বকে কৰ’নাৰ আতংকই সন্ত্ৰস্ত কৰি ৰাখিছে। অতিমাৰীৰ ফলত বিশ্বৰ উন্নত দেশসমূহেও আনকি মুখ উলিয়াব নোৱাৰা অৱস্থা।

চীনৰ ‘য়ুহান ইনষ্টিটিউট অফ ভাইৰ’লজি’ৰ পৰাই এই ভাইৰাছ বিয়পাৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিৰ মাজতে চীনে বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে উক্ত বিতৰ্কিত প্ৰতিষ্ঠানটোক সৰ্বোচ্চ সন্মানৰ বাবে মনোনীয় কৰিছে।

বাতৰি অনুসৰি, ২০২১চনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত অতুলনীয় অৱদানৰ বাবে য়ুহান ইনষ্টিটিউট অফ ভাইৰ’লজিক ‘চাইনীজ একাডেমা অফ ছায়েন্স’ সন্মানৰ বাবে মনোনীত কৰিছে।

আনহাতে, প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত বিস্তৃত তথা সুশৃংখলিত গৱেষণাৰ বাবে এই স্বীকৃতি দিয়া হৈছে।

তদুপৰি, প্ৰতিষ্ঠানটোৰ লগতে ইয়াৰ সঞ্চালক শ্বি ঝেংলি-কো বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে।

উল্লেখ্য যে আমেৰিকাকে ধৰি বহুকেইখন দেশ তথা বিজ্ঞানীয়ে এই গৱেষণাগাৰৰ পৰাই কৰ’না ভাইৰাছ বিয়পি পৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। কৰ’নাক আনকি এক জৈৱ মাৰণাস্ত্ৰ বুলিও অভিযোগ কৰা হৈছে।

চীনে অৱশ্যে এনে অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে। পিচে, কৰ’নাৰ উৎস যে চীন সেই কথাক লৈ প্ৰায় নিশ্চিত আমেৰিকা।