NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ভুৱা চিকিৎসকৰ উজান! এইবাৰ শালনা চাহ বাগিছাত ভুৱা চিকিৎসক ৰাজুক গ্ৰেপ্তাৰ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা June 24, 2021 8:18 pm
Fake doctor

শালনা চাহ বাগিছাত চিকিৎসা প্ৰদান কৰি অহা এগৰাকী ভুৱা চিকিৎসকক আজি নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে আটক কৰে ৷

চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা চাহ বাগিছাৰ চিকিৎসালয় খনত এমাহ পূৰ্বে চিকিৎসক হিচাপে যোগদান কৰা ৰাজু হাতীকাকতি নামৰ ভুৱা চিকিৎসক গৰাকীক আজি এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

ৰাজু হাতীকাকতি নামৰ ভুৱা চিকিৎসকজনে বাগিছাখনৰ লোক সকলক ভুল চিকিৎসা প্ৰদান কৰি আহিছিল বুলি অভিযোগ উঠিছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে গুৱাহাটীৰ মেডিকেল কলেজৰ অধ্যক্ষ গৰাকীৰ লগত যোগাযোগ কৰাত গুৱাহাটীৰ এন এ বি এইচৰ আৰু আৰ্য্য হাস্পতালৰ ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত এটা দল চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ ৰাজু হাতীকাকতিৰ অনুজ্ঞাপত্ৰ সমুহ ভুৱা বুলি প্ৰমান কৰে।

আনহাতে, আটক কৰা উক্ত ভুৱা চিকিৎসক গৰাকীক আৰক্ষীয়ে আৰু অধfক তথ্যৰ বাবে চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।