NORTHEAST NOW (Assamese)
অসম

বিশ্ব এথলেটিকছৰ ভাৰতীয় দলত হিমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2019 11:55 am
hima das assam

অহা ২৭ ছেপ্তেম্বৰৰ পৰা ডোহাত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে অসম কন্যা হিমা দাস।

২৫ জনীয়া ভাৰতীয় দলটোত স্থান পোৱা হিমাই প্ৰতিযোগিতাখনত মহিলাৰ ৪x৪০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ মিক্সড ৰীলেত ভাগ ল’ব।

উল্লেখ্য যে ২০ বছৰ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু তাৰ পাছত এছিয়ান গেইমছত ৰূপৰ পদকেৰে এথলেটিকছ জগতত চাঞ্চল্যৰ সৃষ্টি কৰা হিমাই কিন্তু প্ৰতিযোগিতাখনৰ ব্যক্তিগত শাখাত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

লগতে পঢ়ক : এমাহৰ ভিতৰত ছটা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পোৱা হিমা বিশ্ব চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জনত ব্যৰ্থ

জুলাই আৰু আগষ্ট মাহত একেৰাহে ছখন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত স্বৰ্ণ পদকৰে ইতিহাস ৰচা হিমাই বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পাছতে ক্ৰীড়া প্ৰেমী তথা বিশেষজ্ঞ সকলে চোকা সমালোচনা কৰিছে।

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ যোগ্যতা নিৰ্ধাৰণকাৰী সময় আছিল ৫১.৮০। কিন্তু হিমাৰ শেহতীয়া সময় হৈছে ৫২.০৯ ছেকেণ্ড।