NORTHEAST NOW (Assamese)
অসম

অৱসৰপ্ৰাপ্ত তথা কৃতি শিক্ষক অতুল বৰাৰ মৃত্যুত কলিয়াবৰত শোক

Posted by: ৰিদিপ শৰ্মা March 29, 2018 4:06 pm

কলিয়াবৰৰ দাৰীগজিৰ নিবাসী তথা কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অতুল বৰাৰ আজি পুৱা প্ৰায় ৬ মান বজাত গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়।

 উল্লেখযোগ্য যে বৰা নিজৰ কৰ্মজীৱন পৰিসমাপ্তিৰ পিছৰে পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। আজি কিছু দিন আগতে বৰাৰ দুয়োটা বৃক্ক অচল হোৱাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

 ৬২ বছৰ বয়সত মৃত্যু হোৱা বৰাই মৃত্যুৰ সময়ত বৰাই পুত্ৰ, কন্যা আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে।

 একালৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী তথা এজন সমাজসেৱী, কৃৰ্তি শিক্ষক, অভিভাৱক, সুবক্তাৰ লগতে শিক্ষক গৰাকী বিভিন্ন ক্ষেত্ৰৰ দায়িত্ব শিল ব্যক্তি আছিল বুলি জানিব পৰা গৈছে।

 লগতে কলিয়াবৰৰ মইনা পাৰিজাত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থা, কলিয়াবৰৰ শাখা সাহিত্য সভাকে প্ৰমুখ্যে কৰি কলিয়াবৰৰ কেইবা খনো বিহু কমিটিৰ দৰে বহু কেইটা অনুষ্ঠানৰ লগত মৃত বৰা জড়িত আছিল।

 কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক, ছাত্ৰ-ছাত্ৰী,কৰ্মচাৰী, প্রাক্তন ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজে বিদ্যালয়ত এক গোট হৈ শিক্ষকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলিৰে বিদায় জনাই।

 কৃতি শিক্ষকগৰাকীৰ মৃত্যুত বিদ্যালয়খনৰ লগতে অঞ্চলটোতএক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।