NORTHEAST NOW (Assamese)
অসম

মুকলি হোৱাৰ পথ কন্টকময়! অখিলৰ বিৰুদ্ধে পুনৰ NIA ৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাইজৰ দলৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 29, 2021 8:36 pm

২০১৯ ৰ ভৰপক কা আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈ NIA ৰ অধীনত গোচৰ চলি থকা অখিল গগৈৰ মুকলি আকাশৰ তললৈ অহা পথ যেন পুনৰ কন্টকময় হৈ পৰিছে।

অখিল গগৈৰ বিৰুদ্ধে পুনৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজৰ দলে।

আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে চাৰ্জ ফ্ৰেমৰ শুনানিৰ শেষ মুহূৰ্তত NIA ই অতিৰিক্ত অভিযোগনামা দাখিল কৰে। নাম ঠিকনা গোপনে ৰখা বেনামী সাক্ষীৰ ভিত্তিত NIA ই এই অতিৰিক্ত অভিযোগনামা দাখিল কৰে।‘

ইপিনে, অখিল গগৈৰ জনপ্ৰিয়তাত চৰকাৰে ভয় খাই নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি দাবী কৰি শইকীয়াই আৰু কয়, ‘NIA ক ব্যৱহাৰ কৰি এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ আগত যাতে অখিল গগৈ কাৰাগাৰৰ পৰা বাহিৰ ওলাব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিছে।‘

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সপোনতো অখিল গগৈৰ জনপ্ৰিয়তাৰ ভূতে খেদিছে।‘ শইকীয়াই এইদৰে কয়।

চানমাৰি থানাৰ ১৩/২০ নম্বৰ গোচৰটো NIA ই স্পেচিয়েল গোচৰ চলাই আছে বুলি উল্লেখ কৰি শইকীয়াই আৰু কয়, ‘এই গোচৰটোৰ চাৰ্জ ফ্ৰেম শুনানিৰ শেষ মুহূৰ্তত আজি NIA ই অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে। পূৰ্বৰ অভিযোগনামাৰ দৰে এই অভিযোগনামাটো নাই কোনো প্ৰত্যয়জনক সাক্ষী-প্ৰমাণ। ‘

‘কাইলৈ এই গোচৰটোত NIA ৰ যুক্তিপ্ৰদৰ্শন আছে। কিন্তু তাৰ পূৰ্বে আজি পুনৰ দাখিল কৰা হ’ল অতিৰিক্ত অভিযোগ নামা।‘ শইকীয়াই এইদৰে কয়।

শইকীয়াই লগতে কয়, ‘সকলো বিৰোধী ৰাজনৈতিক শক্তিৰ মাজত আত্মসমৰ্পনৰ মনোভাৱ দেখা গৈছে। এই মুহূৰ্তত অখিল গগৈয়ে আপোচবিহীনভাৱে বিজেপি বিৰোধিতাৰ পতাকাখন তুলি ধৰিছে। বিজেপি চৰকাৰখনে জানে যে অখিল গগৈয়ে কেতিয়াও আত্মসমৰ্পন নকৰে আৰু আপোচো নকৰে। এই কথাত শংকিত হৈ অখিল গগৈ যাতে কোনোপধ্যে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ বাবে ৰচনা কৰিছে ইটোৰ পাছত সিটো ষড়যন্ত্ৰ।‘

এই ষড়যন্ত্ৰ নেওচি অখিল গগৈ অনতিপলমে মুকলি আকাশৰ তললৈ আহিব বুলি আশা প্ৰকাশ কৰে ৰাইজৰ দলে।