NORTHEAST NOW (Assamese)
Popular Stories

ভেকচিন ল’লেহে মদ কিনিব পাৰিব! মদৰ দোকানত অঁৰা হ’ল এই জাননী, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 2:47 pm

ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ নাথাকিলে মদ কিনিব নোৱাৰিব।

উত্তৰপ্ৰদেশৰ এটাৱাহ জিলাৰ চাইফাই নামৰ ঠাইখনৰ মদৰ দোকানসমূহত সমুখত অঁৰা হৈছে এইধৰণৰ জাননী।

স্থানীয় প্ৰশাসনৰ তৰফৰ পৰাই এই জাননী অঁৰা হৈছে।

প্ৰশাসনে জনাইছে যে ক’ভিড ভেকচিন যিসকলে লোৱা নাই, তেওঁলোকক মদ বিক্ৰী কৰিবলৈও অনুমতি প্ৰদান কৰা নহ’ব।

প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে জনসাধাৰণক ভেকচিন লোৱাত আগ্ৰহী কৰি তুলিবৰ বাবেই এই উদ্যোগ গ্ৰহণ কৰা হৈছে।