NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত নিউম’নিয়া প্ৰতিষেধক ভেকচিন প্ৰদানৰ শুভাৰম্ভ

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 1, 2021 8:54 am
bu

ৰাজ্যখনৰ আন জিলাৰ লগতে বঙাইগাঁও জিলাতো নিউম’নিয়া প্ৰতিষেধক ভেকচিন প্ৰদানৰ শুভাৰম্ভণি কৰা হয়।

গুৱাহাটীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই নিউম’নিয়া ভেকচিন প্ৰদানৰ শুভাৰম্ভণি কৰাৰ পিছতে বঙাইগাঁও জিলাতো উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিউম’নিয়া ভেকচিন( Pneumococcal Conjugate Vaccine-PCV)প্ৰদানৰ শুভাৰম্ভণি কৰে।

নিউম’নিয়া ভেকচিনে শিশুক নিউম’নিয়া জ্বৰত মৃত্যুৰ পৰা প্ৰতিৰোধ কৰিব। অন্তত: নিউম’নিয়াত শিশুৰ মৃত্যুৰ হাৰ ৩০ শতাংশ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

এই ভেকচিন তিনি পালি ল’ব লাগে ৷ শিশু এটিৰ ৬ সপ্তাহ বয়সত প্ৰথম পালি, ১৪ সপ্তাহ বয়সত দ্বিতীয় পালি আৰু ৯ মাহ বয়সত বুষ্টাৰ পালি দিয়া হয়।

এই ভেকচিনটো বৰ্তমানে সাৰ্বজনীন ভেকচিন আঁচনিৰ( Universal Immunization Programme) অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিনামূলীয়াকৈ দিয়া হ’ব।

নিউম’নিয়া ভেকচিন প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত বিষয়া তথা হিতাধিকাৰীক উদ্দেশ্যি বঙাইগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:নীলমাধৱ দাসে কয় যে পূৰ্ৱতে ভাৰতৰ পাঁচখন ৰাজ্য হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ,ৰাজস্থান আৰু বিহাৰত-নিউম’নিয়া প্ৰতিষেধক ভেকচিন প্ৰদান কৰা হৈছিল আৰু আজিৰে পৰা অসমতো শিশুসকলে বিনামূলীয়াকৈ এই ভেকচিন পাব।

নিউম’নিয়া ভেকচিন প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শ্যামল ক্ষেত্ৰ গগৈ,জিলা আঁচনি প্ৰবন্ধক আনন্দ শৰ্মা,অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা:লাবন্য শৰ্মা,জিলা টীকাকৰণ বিষয়া ডা:পুষ্পেন্দু দাস আৰু মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়া ডা: এম ইছলামো উপস্থিত আছিল।