NORTHEAST NOW (Assamese)
অসম

মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ, চান্দমাৰী থানাৰ গোচৰৰ পৰাও হ’ল মুক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2021 1:18 pm
akhil-gogoi-1200-1140x570

দীৰ্ঘদিনীয়া বন্দিত্বৰ পৰা হয়তো মুক্তি পাব কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

কেন্দ্ৰীয় অনুসন্ধান সংস্থা NIA ৰ আন এটা গোচৰৰ পৰাও আজি অখিল গগৈ মুক্ত হয় ।

ফলত শীঘ্ৰে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

চান্দমাৰী থানাৰ NIA ই তদন্ত কৰা গোচৰৰ পৰা মুকলি কৰি দিয়া হৈছে অখিল গগৈক। অখিল গগৈৰ বিৰুদ্ধে মাওবাদীৰ তথ্য-প্ৰমাণ দিব নোৱাৰিলে NIA ই।

ফলত চান্দমাৰী থানাৰ ১৩/২০ গোচৰৰ পৰা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰা হয় অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক।

অখিলৰ অধিবক্তা কৃষ্ণ গগৈয়ে জনাইছে এই কথা। বর্তমানো আদালতৰ ভিতৰতে আছে অখিল গগৈ। আজি বা কাইলৈ মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ।

এতিয়া অখিল গগৈৰ বিৰুদ্ধে আৰু কোনো গোচৰ নাই।

আদালতৰ এনে ৰায়দানক আদৰণি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্ক ডি শইকীয়াই নৰ্থ ইষ্ট নাওক কয় যে এয়া ৰাইজৰ জয়।

চৰকাৰে NIA ৰ জৰিয়তে অখিল গগৈৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ জাপি দি নেতাগৰাকীৰক প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছিল, কিন্তু সেয়া সম্ভৱ নহ’ল বুলিও তেওঁ কয়।