NORTHEAST NOW (Assamese)
অসম

গড়ভংগা বনাঞ্চলৰ কাষৰীয়া গাঁৱৰ কুঁৱাত আৱদ্ধ হৈ পৰা নাহৰফুটুকী উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2021 5:25 pm
leopard rescued

গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ গড়ভংগা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও মাধৱ নগৰত এটা কুঁৱাত পৰি যোৱা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বৃহস্পতিবাৰে পুৱা  বনকৰ্মীসকলে উদ্ধাৰ কৰে।

নাহৰফুটুকীটো পুঁৱতি নিশা ২০ ফুট দ খোলা কুঁৱাটোৰ ভিতৰত আৱদ্ধ হৈ পৰে আৰু তাৰ পৰা উঠিবলৈ আপ্ৰাণ চেষ্টা চলায়।

গাঁৱৰ বাসিন্দাসকলে খোলা কুঁৱাটোৰ ভিতৰৰ পৰা বাঘৰ গৰ্জন শুনিবলৈ পাই আচৰিত হৈ পৰে। তেওঁলোকে প্ৰত্যক্ষ কৰে যে এটা নাহৰফুটুকী কঁকাললৈ পানীত সোমাই ভাহি প্ৰাণ বচোৱাৰ চেষ্টাত ভাগৰি পৰিছে।

গাঁৱবাসীয়ে লগে লগে বনবিভাগক ঘটনাটো অৱগত কৰে। বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘন্টা ধৰি প্ৰচেষ্টা চলাই নাহৰফুটুকীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পাছত নাহৰফুটুকীটোক এখন জালেৰে বান্ধি গভীৰ বনৰ মাজলৈ নি মুকলি কৰি দিয়া হয়।