NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ থানাত সজাই ৰখা হৈছে বিধে বিধে ৰং-চঙীয়া সুৰাৰ বটল, কিন্তু কিয়?

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম July 1, 2021 5:09 pm
kpppl

এইবাৰ ৱাইন শ্বপত নহয়,আৰক্ষী থানাত উঠিতে সুৰাৰ উজান ৷সুন্দৰ আৰু নিয়াৰিকৈ দীঘলীয়া শাৰী পাতি সজাই থোৱা হৈছে ভিন্ন ভিন্ন ব্ৰাণ্ডৰ সুৰা৷আচলতে কি হৈছে আৰক্ষী থানাত?

ৰ’ব ভুল নুবুজিব,দৰাচলতে এইয়া হৈছে বিশ্বনাথ আৰক্ষীয়ে অবৈধ্ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হোৱা অবৈধ্ সুৰাৰ৷ বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে।

উল্লেখ্য যে বিশ্বনাথ জিলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে জিলাখনৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আছে।

কিন্তু তাৰ মাজতে কালি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মতে জিলাখনৰ প্ৰতিখন থানাই জিলাখনত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে চলাই বিশেষ অভিযান।

এই অভিযানত বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দল,গহপুৰ ,বিহালী, চতিয়া আৰু জিনজিয়া আৰক্ষী থানাৰ অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১০৫০ টা অবৈধ সুৰাৰ বটল।

লগতে দুজন অবৈধ সুৰা বেপাৰীক ধৰিবলৈ সক্ষম হয়।জিলাখনত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে জিলাবাসীয়ে আৰক্ষীৰ শলাগ লৈছে।

এইফালে বিশ্বনাথ জিলা আৰক্ষীয়ে এই অবৈধ সুৰা, গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে জিলাৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে।