NORTHEAST NOW (Assamese)
অসম

অনলাইন শ্বপিঙৰ নামত গ্ৰাহকক ৰামঠগন,বেটাৰী চালিত টুথব্ৰাছেৰে দাঁত ঘঁহিব বিচাৰি যুৱকৰ লটি-ঘটি

Posted by: প্ৰণয় দেৱৰয় Updated by: প্ৰণয় দেৱৰয় July 1, 2021 4:49 pm
dog

মাজে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে কিছু অনলাইন শ্বপিং চেন্টাৰে।

এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে চাপৰত। গ্ৰাহকক সামগ্ৰী যোগানৰ নামত দিছে ৰামঠগন। দেশৰ বৃহৎ অনলাইন শ্বপিং কোম্পানী হিচাপে জনাজাত Amazonৰ তেনে এক ঘটনাই সংঘটিত কৰিছে।

কোম্পানীটোৰ এনেকাৰ্যই হতভম্ব কৰি তুলিছে চাপৰ বহলপুৰৰ বাবুজিতু নামৰ এজন যুৱকক। আচলতে ঘটনাটো এনেকুৱা— ১৮ জুন ২০২১ তাৰিখে দেশৰ বৃহৎ অনলাইন শ্বপিং চেন্টাৰ Amazon ত এডাল বেটাৰী চালিত টুথব্ৰাছ অৰ্ডাৰ কৰিছিল যুৱকজনে।

তেওঁ বহু আশাৰে ৰৈ আছিল বেটাৰী চালিত উক্ত টুথব্ৰাছডালৰ বাবে। কিন্তু সকলো আশাত চেঁচা পানী ঢালি প্ৰায় ১৩ দিন পিছত বহলপুৰৰ যুৱক জনলৈ Amazon ৰ সম্পূৰ্ণ চীল-মোহৰ থকা আটক ধুনীয়া পেকেটত আহি পালে কাপোৰ ধোৱা সাধাৰণ নিৰমাৰ এটা পেকেট।

এতিয়া প্ৰশ্ন হয় সততে বিজ্ঞাপনেৰে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰা দেশৰ এই বৃহৎ অনলাইন শ্বপিং চেন্টাৰবোৰে গ্ৰাহকক ৰামঠগন দি গ্ৰাহকক উন্নত মানৰ সামগ্ৰী যোগানৰ নামত যি লুণ্ঠন চলাই আছে ওৰ পৰিব কেতিয়া?

সেয়ে আমি সকলোৱে Online Shopping চেন্টাৰ সমূহৰ পৰা Online Shopping কৰাৰ পূৰ্বে কিছু সতৰ্ক হোৱাটো নিশ্চয় উচিৎ হ’ব।