NORTHEAST NOW (Assamese)
অসম

কণ্টেইনমেণ্ট জ’ন বিশ্বনাথ জিলাত কোভিডত আক্ৰান্ত ১১৬৯ টা শিশু আৰু কিশোৰ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম July 2, 2021 4:19 pm
mm

কণ্টেইনমেণ্ট জ’ন বিশ্বনাথ জিলাত কোভিডত আক্ৰান্ত হৈছে ১১৬৯ টা শিশু আৰু কিশোৰ ।

জিলা খনত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৫৮০৭।

ইয়াৰে জিলা খনত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে ১১৬৯ টা।

ইয়াৰে ০-৬ বছৰৰ ২৩৫ টা, ৭-১২ বছৰৰ ৩৯১ টা,১৩-১৮ বছৰৰ ৫৪৩ টা শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে ক’ভিডত।

বৰ্তমান ২২১ টা শিশু আৰু কিশোৰ চিকিৎসাধীন হৈ আছে জিলা খনত।

আনহাতে ৬০ বছৰৰ ওপৰৰ ৪৯২ গৰাকী ব্যক্তি বৰ্তমানলৈকে আক্ৰান্ত হৈছে।

আনহাতে জিলা খনক কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত ক’ভিড আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাইছে বুলি উল্লেখ কৰিছে বিশ্বনাথৰ যুটীয়া স্বাস্হ্য সঞ্চালক গৰাকীয়ে।