উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : ২৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্রস্তুতি আপৰ

ৰাজ্য নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা লগে লগে সম্পূৰ্ণ ২৮ টা সমষ্টিতে পূৰ্ণ শক্তিৰে প্রতিদ্বন্দ্বিতা কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে আম আদমি পাৰ্টীয়ে।
আজি দলৰ গণেশগুৰিস্থিত মূখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি দলটোৰ সাংগঠনিক সম্পাদিকা পুনম গগৈযে কয় যে আগন্তক পাৰ্বত্য পষিদৰ নিৰ্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে আজিৰে পৰা প্রাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আনুষ্ঠানিকভাৱে আবেদন পত্ৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে। প্রতিটো সমষ্টিত প্রতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীক দলৰ কাৰ্যালয়ত প্র-পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
অহা ২১ ডিচেম্বৰৰ পূৰ্বে দলৰ উত্তৰ-পূৱ ভাৰতৰ তত্ববাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে প্ৰাৰ্থীৰ তালিকা সংবাদমেলযোগে প্রকাশ কৰিব বুলি জানিবলৈ দিয়ে।
সংবাদ মেলত পুনম গগৈয়ে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ উন্নয়নৰ বাবে ‘আপ’ দলৰ আৰ্হিৰে নিৰ্বাচনৰ অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্রাৰ্থীসকলক ৬৯১৩২৪০৪৯৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে দুৰ্নীতিৰে ভৰা ডিমা হাছাও জিলাত তিনি বছৰ ধৰি অতিৰিক্ত উপায়ুক্তৰ দায়িত্বত থকা আপৰ নেত্ৰী পুনম গগৈয়ে এইবাৰ নিৰ্বাচনত ‘আপ’ৰ প্রাৰ্থীক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে।
আগন্তুক নিৰ্বাচনত দলটোৰ বহুকেইজন ৰাষ্ট্ৰীয় নেতাই প্রচাৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে।
আজিৰ সংবাদমেলত ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰী আৰু জয়ন্ত শইকীয়াও উপস্থিত থাকে।